ডিফুৰ লুৰুলাংছত এগৰাকী যুৱকৰ মৃতদেহ উদ্ধাৰ
ডিফুৰ লুৰুলাংছত এগৰাকী যুৱকৰ মৃতদেহ।
ডিফুৰ লুৰুলাংছত এগৰাকী যুৱকৰ মৃতদেহ উদ্ধাৰ


কাৰ্বি আংলং, ২৯ মে’ (হি.স.): কাৰ্বি আংলং জিলাৰ ডিফুৰ লুৰুলাংছত এগৰাকী যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে । মৃত যুৱকজন ডিফুৰ ৰংথেয়াং অঞ্চলৰ ৩০ বছৰীয়া ল'বছন কুমাৰ মেছ বুলি জানিব পৰা গৈছে ।

আৰক্ষীয়ে মৃতদেহটি উদ্ধাৰ কৰি মৰোণাত্তৰ পৰীক্ষাৰ বাবে ডিফু মেডিকেল কলেজত প্ৰেৰণ কৰে । ইফালে এইয়া এক হত্যাকাণ্ড বুলি পৰিয়ালৰ লোক সকলে অভিযোগ তুলিছে । এই সন্দৰ্ভত আৰক্ষীৰ ওচৰত এক গোচৰ ৰুজু কৰে। ইতিমধ্য়ে আৰক্ষীয়ে ঘটনাৰ পৰ্যবেক্ষণ কৰি তদন্ত অব্য়াহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande