বিহাৰৰ মুখ্যমন্ত্ৰীৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ
নতুন দিল্লী, ২৯ মে’ (হি.স.)। বিহাৰৰ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীয়ে শুকুৰবাৰে ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ সৈতে সৌজন্যমূলক বৈঠকত মিলিত হয়। ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এই বৈঠকৰ ফটো শ্বেয়াৰ কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে। মুখ্যমন্ত্ৰী চৌধ
बिहार के मुख्यमंत्री सम्राट चौधरी शुक्रवार को राष्ट्रपति द्रौपदी मुर्मु के साथ


নতুন দিল্লী, ২৯ মে’ (হি.স.)। বিহাৰৰ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীয়ে শুকুৰবাৰে ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ সৈতে সৌজন্যমূলক বৈঠকত মিলিত হয়। ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এই বৈঠকৰ ফটো শ্বেয়াৰ কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে।

মুখ্যমন্ত্ৰী চৌধুৰীয়েও এই বৈঠকৰ ছবি এক্সত পোষ্ট কৰে। মুখ্যমন্ত্ৰী চৌধাৰীয়ে আজি ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতিৰ সৈতে সৌজন্যমূলক বৈঠক হোৱা বুলি উল্লেখ কৰে। এই উপলক্ষে ৰাষ্ট্ৰপতিৰ দিহা-পৰামৰ্শ লাভ কৰা বুলিও তেওঁ কয়।

সম্ৰাট চৌধুৰী হৈছে বিহাৰৰ ২৪তম তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী। তেওঁ বিহাৰৰ প্ৰথমগৰাকী বিজেপি মুখ্যমন্ত্ৰী। ইয়াৰ পূৰ্বে তেওঁ নীতিশ কুমাৰৰ চৰকাৰত উপ-মুখ্যমন্ত্ৰী আৰু বিহাৰ বিজেপিৰ ৰাজ্যিক সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। নীতিশ কুমাৰে ৰাজ্যসভাৰ সাংসদ হোৱাৰ পাছৰে পৰা সম্ৰাট চৌধুৰীয়ে বিজেপি মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব বহন কৰে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande