
কাছাৰ, ২৯ মে’ (হি.স.): অসম-মিজোৰাম সীমান্তত নিৰাপত্তা বাহিনীয়ে চলোৱা এক বৃহৎ অভিযানত প্ৰায় ১৮ কোটি টকাৰ ইয়াবা টেবলেট জব্দ কৰে। শুকুৰবাৰে আৰক্ষীয়ে জনোৱা মতে, এই ঘটনাৰ সৈতে জড়িত এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।
আৰক্ষীয়ে জনোৱা মতে, অবৈধ ড্ৰাগছ সৰবৰাহৰ সন্দৰ্ভত এক গোপন সূত্ৰৰ ভিত্তিত নিৰাপত্তা বাহিনীয়ে যোৱা নিশা অসম-মিজোৰাম সীমান্তত তালাচী চলাইছিল। এই তালাচীৰ সময়ত এএছ ১২ ইউ ৭৭৪৬ নম্বৰৰ এখন সন্দেহজনক বাহন ৰখাই তালাচী চলায়।
স্বতন্ত্ৰ সাক্ষীৰ উপস্থিতিত আৰু সমগ্ৰ প্ৰক্ৰিয়াটো ভিডিঅ’ টেপ কৰি গাড়ীখনত তালাচী চলোৱাত ৬০ হাজাৰ সন্দেহযুক্ত ইয়াবা টেবলেট আৰু এটা মোবাইল ফোন উদ্ধাৰ কৰা হয়। ততাতৈয়াকৈ উদ্ধাৰ হোৱা সামগ্ৰী জব্দ কৰে।
বিষয়াসকলে জনোৱা মতে, ডিডিকে কিটৰ সহায়ত পৰীক্ষা কৰিলে টেবলেটসমূহ মেথামফেটামাইন হোৱাটো নিশ্চিত কৰা হৈছে। ঘটনাস্থলীত আৰক্ষীয়ে আটক কৰে চালকজনক।
মণিপুৰৰ চুৰাচান্দপুৰ জিলাৰ জাওলেন কুম্বিপুখাৰু গাঁৱৰ বাসিন্দা নাগামালেন (৪৪) বুলি জানিব পৰা গৈছে।
বিষয়াসকলৰ মতে, আন্তঃৰাষ্ট্ৰীয় ক’লা বজাৰত জব্দ কৰা ড্ৰাগছৰ আনুমানিক মূল্য প্ৰায় ১৮ কোটি ₹। এই গোচৰত অধিক আইনী কাৰ্য্যবিধি চলি আছে, আৰু চোৰাং ব্যৱসায়ৰ নেটৱৰ্কৰ সৈতে জড়িত আন ব্যক্তিসকলৰো তদন্ত চলি আছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া