
পলাতক মাষ্টাৰমাইণ্ড
গুৱাহাটী, ২৮ মে’(হি.স.)। দুদিন পূৰ্বে গুৱাহাটীৰ পৰা অপহৃত যুৱক এজনক দৰঙৰ ছিপাঝাৰত উদ্ধাৰ কৰা হৈছে। এই সন্দৰ্ভত চাৰি অপহৰণকাৰীকো গ্ৰেপ্তাৰ কৰা হৈছে। অৱশ্যে এই অপৰহণ কাৰ্যৰ মাষ্টাৰমাণ্ড জন এতিয়াও পলাতক হৈ আছে।
প্ৰাপ্ত তথ্যমতে, যোৱা ২৬ মে’ মঙলবাৰে গুৱাহাটীৰ লালমাটিৰ পৰা অপহৰণ কৰিছিল নাছিৰ আহমেদ নামৰ এজন লোকক। নাছিৰৰ পৰা পাবলগীয়া ৫ লাখ টকা ওভতাই নিদিয়াৰ বাবেই অপহৰণ কৰিছিল ইঞ্জামূল আলী আৰু আবু ছালাম নামৰ ২ বন্ধুৱে। জানিব পৰামতে, নাছিৰ আহমেদ, ইঞ্জামূল আলী আৰু আবু ছালেমে অনলাইন গেম খেলি আহৰণ কৰিছিল লাখ লাখ টকা। ইঞ্জামূল আৰু আবু ছালেমে আহৰণ কৰা টকাও সোমাইছিল নাছিৰৰ বেংক একাউণ্টত।
সেইমৰ্মে ইঞ্জামূল আৰু আবু ছালেমক ৫ লাখ টকা দিবলগীয়া আছিল নাছিৰে। দীৰ্ঘদিন ধৰি টকা ওভতাই খোজাৰ পাছতো দুই বন্ধুক টকা দিয়া নাছিল নাছিৰ আহমেদে। ২৬ মে’ত গুৱাহাটীৰ হাতীগাঁৱত থকা শহুৰেকৰ ঘৰলৈ আহিছিল বজালীৰ ভৱানীপুৰৰ নাছিৰ। সেই খবৰ পোৱাৰ পাছতে আবু আৰু ইঞ্জামূলে বশিষ্ঠৰ লালমাটিলৈ মাতি পঠাইছিল নাছিৰক। ঈদৰ বাবে নাছিৰক টকা ওভতাই দিবলৈ হেঁচা দিছিল দুই বন্ধুৱে। কিন্তু টকা ওভতাই দিবলৈ অমান্তি হয় নাছিৰ। যাৰ বাবে লালমাটিৰ পৰাই এখন ছুইফট বাহনত উঠাই নাছিৰক অপহৰণ কৰি ছিপাঝাৰলৈ লৈ যায় ইঞ্জামূল আলী আৰু আবু ছালেমে। তাৰ পাছত নাছিৰৰ পৰিয়ালক ৫ লাখ টকাৰ মুক্তিপণ বিচাৰে ইঞ্জামূল আৰু আবু ছালেমে। এই ঘটনাৰ পাছতে নাছিৰ আহমেদৰ অপহৰণ সন্দৰ্ভত হাতীগাঁও থানাত এজাহাৰ দিয়ে পৰিয়ালৰ লোকে। পৰিয়ালৰ এজাহাৰৰ ভিত্তিত হাতীগাঁও আৰক্ষীয়ে ক্ষীপ্ৰতাৰে অভিযান চলাই ছিপাঝাৰৰ পৰা অপহৃত নাছিৰ আহমেদক উদ্ধাৰ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰে চাৰি অপহৰণকাৰীক।
ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে অপহৰণ-কাণ্ডত ব্যৱহৃত ছুইফট ডিজায়াৰ বাহনখনো জব্দ কৰে। অৱশ্যে আৰক্ষীৰ অভিযানৰ খবৰ পোৱাৰ লগে লগেই ছিপাঝাৰৰ পৰা পলায়ন কৰে অপহৰণ-কাণ্ডৰ মাষ্টাৰমাইণ্ড ইঞ্জামূলে। বৰ্তমান হাতীগাঁও থানাত মাৰাথন জেৰা অব্যাহত ৰাখিছে চাৰি অপহৰণকাৰী আবু ছালেম, আছাতুল্লা আলী, ৰোজাম্মিল আলী আৰু দালনুৰ হুছেইনক। লগতে পলাতক ইঞ্জামূল আলীক বিচাৰি হাতীগাঁও আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত অভিযান।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া