সক্ৰিয় পশ্চিমীয়া মৌচুমী, আজি সন্ধিয়াৰ পৰা উত্তৰ ভাৰতৰ কেইবাখনো ৰাজ্যত ধুমুহা বৰষুণৰ সম্ভাৱনা
নতুন দিল্লী, ২৮ মে’ (হি.স.)। উত্তৰ ভাৰতৰ তীব্ৰ গৰমৰ মাজতে আকৌ এবাৰ বতৰ সলনি হ’বলৈ সাজু হৈছে৷ ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি এক সক্ৰিয় পশ্চিমীয়া বিক্ষিপ্ততাৰ প্ৰভাৱ আজিৰে পৰা অনুভৱ কৰিবলৈ আৰম্ভ কৰিব । ইয়াৰ ফলত দিল্লী, উত্তৰ প্ৰদেশ, পঞ্জাৱ,
सांकेतिक।


নতুন দিল্লী, ২৮ মে’ (হি.স.)। উত্তৰ ভাৰতৰ তীব্ৰ গৰমৰ মাজতে আকৌ এবাৰ বতৰ সলনি হ’বলৈ সাজু হৈছে৷ ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি এক সক্ৰিয় পশ্চিমীয়া বিক্ষিপ্ততাৰ প্ৰভাৱ আজিৰে পৰা অনুভৱ কৰিবলৈ আৰম্ভ কৰিব । ইয়াৰ ফলত দিল্লী, উত্তৰ প্ৰদেশ, পঞ্জাৱ, হাৰিয়ানা, আৰু পাহাৰীয়া ৰাজ্যসমূহত ধুমুহা, বিজুলী, আৰু বৰষুণৰ কাৰ্যকলাপ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

ভাৰতৰ বতৰ বিজ্ঞান বিভাগে উল্লেখ কৰিছে যে জম্মু-কাশ্মীৰ, হিমাচল প্ৰদেশ, আৰু উত্তৰাখণ্ডৰ বহু অঞ্চলত লঘুৰ পৰা মধ্যমীয়া বৰষুণ আৰু প্ৰচণ্ড বতাহৰ সম্ভাৱনা আছে । ইফালে, সমভূমি অঞ্চলত বিশেষকৈ পঞ্জাৱ, হাৰিয়ানা, দিল্লী-এনচিআৰ, আৰু পশ্চিম উত্তৰ প্ৰদেশত সন্ধিয়াৰ পিছত বতৰ সলনি হ’ব পাৰে । কেইবাঠাইতো ধূলিৰ ধুমুহা আৰু বৰষুণৰ সম্ভাৱনা ব্য়ক্ত কৰা হৈছে ।

বিগত কেইবাদিনো ধৰি চলি থকা গৰমৰ ঢৌৰ বাবে উত্তৰ ভাৰতৰ বহু ঠাইত তাপমাত্ৰা ৪৪ৰ পৰা ৪৬ ডিগ্ৰী চেলছিয়াছলৈ বৃদ্ধি পাইছে। কিন্তু বতৰৰ পৰিৱৰ্তনৰ লগে লগে তাপমাত্ৰা ৩ৰ পৰা ৬ ডিগ্ৰী হ্ৰাস পাব পাৰে। ইয়াৰ ফলত গৰমৰ পৰা সকাহ পোৱাৰ সম্ভাৱনা আছে।

ভাৰতৰ বতৰ বিজ্ঞান বিভাগে বেয়া বতৰৰ সময়ত মুকলি ঠাই, গছ, বিদ্যুতৰ খুঁটা আদিৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিছে। কৃষক আৰু যাত্ৰীসকলকো বতৰৰ তথ্যৰ ওপৰত চকু ৰাখিবলৈ আহ্বান জনোৱা হৈছে ।

-----------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande