
কোকৰাঝাৰ, ২৮ মে’ (হি.স.): কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰাত যোৱা কালি বুধবাৰে বিয়লি চোৰাং কাঠৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ অভিযান চলে । পাংখাদল এলেকাত আৰক্ষীয়ে অভিযান চলাই ৫খন বাহনসহ বুজন পৰিমাণৰ শাল গছৰ কাঠৰ কুণ্ডা জব্দ কৰে ।
পৰ্বতঝোৰা মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত বগৰিবাৰী আৰক্ষীৰ এই সফল অভিযান চলোৱা হৈছিল । ইফালে আৰক্ষীৰ অহাৰ উমান পাই চোৰাং কাঠ মাফিয়াৰ দলে পলায়ন কৰে । আৰক্ষীয়ে জব্দকৃত কাঠ খিনিৰ বজাৰ মূল্য প্ৰায় ১০লাখ টকা হ’ব বুলি অনুমান কৰা হৈছে । চোৰাং কাঠখিনি জব্দ কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ