তুলসীবাৰীত ঈদ উল আজহা উদযাপন
কামৰূপ, ২৮ মে (হি.স.)। তুলসীবাৰীত ঈদ উল আজহা উদযাপন। বিশ্বৰ লগতে আজি অসমৰো প্ৰান্তে প্ৰান্তে ইছলাম ধৰ্মালম্বী লোকসকলে ত্যাগৰ মহান আদৰ্শৰে পবিত্ৰ ঈদ উল আজহা উদযাপন কৰে। ৰঙিয়াৰ তুলসীবাৰী অঞ্চলটো এই উপলক্ষে ধৰ্মীয় আৰু উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়
তুলসীবাৰীত ঈদ উল আজহা উদযাপন


কামৰূপ, ২৮ মে (হি.স.)। তুলসীবাৰীত ঈদ উল আজহা উদযাপন।

বিশ্বৰ লগতে আজি অসমৰো প্ৰান্তে প্ৰান্তে ইছলাম ধৰ্মালম্বী লোকসকলে ত্যাগৰ মহান আদৰ্শৰে পবিত্ৰ ঈদ উল আজহা উদযাপন কৰে। ৰঙিয়াৰ তুলসীবাৰী অঞ্চলটো এই উপলক্ষে ধৰ্মীয় আৰু উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয় ।

তুলসীবাৰীৰ ঈদগাহৰ প্ৰাক্তন সম্পাদক আব্বাছউদ্দিন আহমেদৰ পৰিচালনাত

বৰপেটা জিলাৰ অভিজ্ঞ আলিম শ্বেখ মৌলানা মহম্মদ আনোৱাৰ হুছেইন বুলবুলিৰ চাহাবৰ ইমামতিত শত সহস্ৰ ধৰ্মপ্ৰাণ ৰাইজে নামাজ আদায় কৰে। নামাজৰ পাছত তেওঁ খুৎবা প্ৰদান কৰি হজৰত ইব্ৰাহিম (আ:) ৰ ত্যাগ আৰু আল্লাহৰ প্ৰতি থকা আনুগত্যৰ তাৎপৰ্য ব্যাখ্যা কৰে। ইয়াৰ পাছত বিশ্ব শান্তি, দেশৰ অখণ্ডতা, অসমৰ ভাতৃত্ববোধ আৰু ৰাজ্য খনৰ সমৃদ্ধিৰ বাবে বিশেষ মোনাজাত কৰা হয়।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande