উত্তৰ গুৱাহাটীত ভয়ংকৰ পথ দুৰ্ঘটনাত তিনিজনৰ মৃত্যু
গুৱাহাটী, ২৮ মে’ (হি.স.)। উত্তৰ গুৱাহাটীৰ গৌৰীপুৰ ৰাষ্ট্ৰীয় ঘাইপথত বুধবাৰে নিশা সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা। দুখন বাহনৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলতে এই দুৰ্ঘটনাটো ঘটে। ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত তিনিজন লোক। গুৱাহাটীৰ পৰা নাওকাটা অভিমুখী পথৰ জয়গ
উত্তৰ গুৱাহাটীত ভয়ংকৰ দুৰ্ঘটনা


গুৱাহাটী, ২৮ মে’ (হি.স.)। উত্তৰ গুৱাহাটীৰ গৌৰীপুৰ ৰাষ্ট্ৰীয় ঘাইপথত বুধবাৰে নিশা সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা। দুখন বাহনৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলতে এই দুৰ্ঘটনাটো ঘটে। ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত তিনিজন লোক। গুৱাহাটীৰ পৰা নাওকাটা অভিমুখী পথৰ জয়গুৰুত সংঘটিত হয় এই শোকাৱহ পথ দুৰ্ঘটনাটো।

নিহত লোককেইজন ক্ৰমে ৰঞ্জিত দে', কৰুণা বেজবৰুৱা আৰু পাৰ্থ প্রতীম বৰ্মন বুলি জানিব পৰা গৈছে। নিহত লোককেইজনৰ এজন নাওকাটাৰ আৰু বাকী দুজন গুৱাহাটীৰ মালিগাঁৱৰ বুলি জানিব পৰা গৈছে। প্ৰাপ্ত তথ্যমতে, ভুল পথেৰে আহি থকা এএছ ০১ ডিচি ৩১৪১ নম্বৰৰ ট্ৰাকখনে এএছ ০১ জিপি ৯৯৪০ নম্বৰৰ স্কৰপিঅ’খনক খুন্দা মৰাৰ ফলতে সংঘটিত হয় এই দুৰ্ঘটনা । এই শোকাৱহ পথ দুৰ্ঘটনাত অঞ্চলটোত শোকৰ ছা বিৰাজ কৰে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande