
নগাঁও, ২৮ মে (হি.স.)। অসম বিধানসভাৰ অধ্যক্ষ, জ্যেষ্ঠ বিধায়ক ৰঞ্জিত কুমাৰ দাস আজি বিয়লি বটদ্ৰৱা থানত উপস্থিত হয়। জাতীয় সাজ পৰিধান কৰি কীৰ্তনঘৰত প্ৰবেশ কৰি ৰঞ্জিত কুমাৰ দাসে গুৰুজনাৰ শ্ৰীচৰণত সেৱা গ্ৰহণ কৰে। অসম বিধানসভাৰ দ্বিতীয়বাৰৰ বাবে অধ্যক্ষৰ আসন গ্ৰহণ কৰি তথা নৱগঠিত ভৱানীপুৰ-সৰভোগ বিধানসভা সমষ্টিৰ পৰা প্ৰথমবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হৈ ৰঞ্জিত কুমাৰ দাস।
ভগৱান শ্ৰীকৃষ্ণৰ পাছত শংকৰদেৱ চৌষষ্ঠি কলাৰ অধিকাৰী। কিন্তু শংকৰদেৱক পশ্চিমবংগত চিনি নাপায়। মই গুৰুজনাৰ জন্মস্থানত আশীৰ্বাদ লৈ সমগ্ৰ দেশত তেৰাৰ কৃষ্টি সংস্কৃতি প্ৰচাৰ চলোৱাৰ বাবে আশীৰ্বাদ লবলৈ আহিছো।
ইফালে দুলাল পেগু অপসাৰণ কৰা সন্দৰ্ভত মন্তব্য আগবঢ়াই অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে।
বিধান সভাৰ অধ্যক্ষৰ চৰকাৰলৈ আহ্বান, অসমৰ সত্ৰৰ পুনৰ বেদখলকাৰীয়ে বেদখল কৰিব নোৱাৰাৰ বাবে আইন প্ৰনয়ন কৰিব লাগে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা