
শোণিতপুৰ, ২৮ মে (হি.স.)। ঈদৰ আনন্দ উল্লাসৰ মাজতে শোণিতপুৰৰ বালিপৰাৰ পৰা ১৭ মাইল আতৰত এটা মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ১৭ মাইলৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা এখন বিলত ওপঙি থকা অৱস্থাত উদ্ধাৰ হয় এজন পুৰুষৰ মৃতদেহ।
ইতিমধ্যে চাৰিদুৱাৰ আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰোনত্তৰ পৰীক্ষাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰিছে। আনহাতে বৰ্তমানলৈকে মৃতদেহটোৰ পৰিচয় জানিব পৰা হোৱা নাই।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা