কৰ্ণাটকঃ সিদ্ধাৰমাইয়াৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ, ডি কে শিৱকুমাৰৰ নাম প্ৰস্তাৱ
বেংগালুৰু, ২৮ মে’(হি.স.)। কৰ্ণাটকৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিলে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা সিদ্ধাৰমাইয়াই। বৃহস্পতিবাৰে ৰাজভৱনত ৰাজ্যপালৰ অনুপস্থিতিত ৰাজ্যপালৰ সম্পাদকৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়াই নিজৰ বাস
কৰ্ণাটকঃ সিদ্ধাৰমাইয়াৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ, ডি কে শিৱকুমাৰৰ নাম প্ৰস্তাৱ


বেংগালুৰু, ২৮ মে’(হি.স.)। কৰ্ণাটকৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিলে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা সিদ্ধাৰমাইয়াই। বৃহস্পতিবাৰে ৰাজভৱনত ৰাজ্যপালৰ অনুপস্থিতিত ৰাজ্যপালৰ সম্পাদকৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়াই নিজৰ বাসগৃহত কেবিনেট মন্ত্ৰীসকলৰ সৈতে এক বৈঠকত মিলিত হৈছিল, য’ত ব্ৰেকফাষ্টো আছিল। কিন্তু সভাখন এঘণ্টা পলমকৈ আৰম্ভ হ’ল কাৰণ সিদ্ধাৰমাইয়া নিজেই মন্ত্ৰীসকলৰ বাবে নিৰ্ধাৰিত ব্ৰেকফাষ্ট টেবুলত এঘণ্টা পলমকৈ নিজৰ বাসগৃহত উপস্থিত হয়।

বৈঠকৰ সময়ত শিৱকুমাৰ আৰু সিদ্ধাৰমাইয়াই ইজনে সিজনক সাৱটি ধৰি একতাৰ বাৰ্তা প্ৰেৰণ কৰে। শিৱকুমাৰে সিদ্দাৰমাইয়াৰ ভৰি চুই তেওঁৰ আশীৰ্বাদ বিচাৰিলে। সিদ্ধাৰমাইয়াই তেওঁৰ সকলো সহকৰ্মীক ধন্যবাদ জনায়। ইয়াৰ পিছত সিদ্দাৰমৈয়া ৰাজভৱনলৈ উভতি আহিল। ৰাজ্যপালৰ অনুপস্থিতিত সিদ্দাৰমাইয়াই তেওঁৰ সম্পাদকৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে। ইয়াৰ লগে লগে কৰ্ণাটক কংগ্ৰেছে নিজৰ এক্স হেণ্ডেলত মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়া আৰু উপ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ ফটো শ্বেয়াৰ কৰি লিখিছে, সেইদিনা, আজি, চিৰকাল... ঐক্যই আমাৰ শক্তি! জনসেৱা আমাৰ চিৰন্তন প্ৰতিশ্ৰুতি!

খবৰ অনুসৰি সিদ্ধাৰমাইয়াই ব্ৰেকফাষ্ট মিটিঙত পদত্যাগ ঘোষণা কৰি ডি কে শিৱকুমাৰৰ নাম পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে প্ৰস্তাৱ কৰে। অৱশ্যে মুখ্যমন্ত্রীৰ নামত বিধানসভা দলৰ অনুমোদন এতিয়াও বাকী আছে৷ অনুমান কৰা হৈছে যে কাইলৈ ​​২৯ মে’ত সন্ধিয়া ৫ বজাত বেংগালুৰুৰ এখন হোটেলত বিধানসভা দলৰ এখন বৈঠক আহ্বান কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande