
হোজাই, ২৮ মে’ (হি.স.): হোজাই চহৰৰ মাজমজিয়াত যোৱা কালি বুদবাৰে বিয়লি এক চাঞ্চল্যকাৰী চুৰিকাণ্ডৰ ঘটনা সংঘটিত হৈছে । বেংকত ধন জমা কৰিবলৈ অহা এগৰাকী মহিলা চোৰৰ চিকাৰ হ’বলগীয়া হৈছে। চোৰে মহিলাগৰাকীৰ হাতৰ পৰা থপিয়াই লৈ গ’ল নগদ ৩৬ হাজাৰ টকা ।
জানিব পৰামতে, যোৱা কালি বিয়লি হোজাই চহৰৰ মাজমজিয়াত থকা ভাৰতীয় ষ্টেট বেংক (এছবিআই) ৰ মুখ্য শাখাত এগৰাকী মহিলাই নিজৰ কষ্টোপাৰ্জিত ৩৬ হাজাৰ টকা জমা কৰিবলৈ আহিছিল। কিন্তু বেংক চৌহদৰ সমীপতে খাপ পিটি থকা চোৰে মহিলাগৰাকীক লক্ষ্য কৰি লয় আৰু পলকতে তেওঁৰ হাতত থকা ধনখিনি থপিয়াই লৈ দিন-দুপৰতে চকুৰ পচাৰতে উধাও হয়। এই অতৰ্কিত আক্ৰমণ আৰু চুৰিকাণ্ডৰ পিছতে সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। দিনৰ পোহৰতে চহৰৰ আটাইতকৈ ব্যস্ত এলেকাত এনেদৰে চুৰিকাণ্ড সংঘটিত হোৱা ঘটনাই এতিয়া স্থানীয় ৰাইজৰ মাজত নিৰাপত্তাক লৈ প্ৰশ্নৰ উত্থাপন কৰিছে।
ইফালে, সৰ্বস্ব হেৰুৱাই উপায়হীন হৈ পৰা ভুক্তভোগী মহিলাগৰাকীয়ে লগে লগে হোজাই আৰক্ষী থানাৰ কাষ চাপে। মহিলাগৰাকীয়ে ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত হোজাই আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰু বেংক তথা আশে-পাশে থকা চিচিটিভি (CCTV) ফুটেজ পৰীক্ষা কৰি চোৰক কৰায়ত্ত কৰিবলৈ অভিযান তীব্ৰতৰ কৰি তুলিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ