
কোকৰাঝাৰ, ২৮ মে (হি.স.)। যোৱা ২১ মেত দুই নাবালিকা ছাত্ৰীৰ নিথৰ দেহ কোকৰাঝাৰৰ ঢোলমাৰাৰৰ এটা পুখুৰীৰ পৰা উদ্ধাৰ হোৱা ঘটনাৰ আজিও প্ৰতিক্ৰিয়া অব্যাহত আছে। নিহত দুই ছাত্ৰীৰ মৃত্যু ৰহস্যক লৈ বিভিন্ন প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে বৃহস্পতিবাৰে মন্ত্ৰী ৰামেশ্বৰ তেলী মৃতকৰ ঘৰত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গক গভীৰ সমবেদনা জ্ঞাপন কৰে ।চৰকাৰৰ তৰফৰ পৰা দুই লাখ টকাকৈ সাহাৰ্য দিয়াৰ আৱণ্টন পত্ৰ ভুক্তভোগী দুয়োটা পৰিয়ালৰে হাতত তুলি দিয়েমন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ।
মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ঘটনা সন্দৰ্ভত পৰিয়াল তথা স্থানীয় ৰাইজৰ পৰা বক্তব্য শুনে।পৰিয়াল তথা স্থানীয় ৰাইজে পানীত ডুবি মৃত্যু হোৱা কথাটো মানিবলৈ টান পাই ঘটনাটোত গভীৰ ৰহস্য থকা বুলি সদৰী ন্যায় প্ৰদান কৰিবলৈ আহ্বান জনাইছে ।আনহাতে মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে সংবাদমাধ্যমৰ আগত সমগ্ৰ ঘটনাটোৰ দুখ প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে । পৰিয়াল আৰু স্থানীয় ৰাইজৰ বক্তব্য মুখ্যমন্ত্ৰীক অৱগত কৰাব বুলিও কয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ