
নতুন দিল্লী, ২৮ মে’ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঈদ উল জোহা উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে। বকৰিদ নামেৰেও পৰিচিত ঈদ উলজোহা আজি দেশৰ বেছিভাগ ঠাইতে উদযাপন কৰা হৈছে।
প্ৰধানমন্ত্ৰী মোদীয়ে টুইটাৰত লিখিছে, ঈদ উলজোহাৰ শুভেচ্ছা থাকিল। এই উপলক্ষে আমাৰ সমাজত ভাতৃত্ববোধ আৰু সুখৰ মনোভাৱ গভীৰ কৰক। সকলোৰে সফলতা আৰু সুস্বাস্থ্যৰ বাবে প্ৰাৰ্থনা ।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ