নাজিৰাৰ সদৰ মছজিদত ইছলাম ধৰ্মীয় লোকসকলৰ পবিত্ৰ ঈদ উল জোহা উদযাপন, সমূহীয়া নামাজ সম্পন্ন
শিৱসাগৰ, ২৮ মে’ (হি.স.)। আজি ইছলামধৰ্মীয় লোকসকলে উদযাপন কৰিছে পবিত্ৰ ঈদ উল জোহা ৷ নাজিৰাৰ সদৰ মছজিদতো আজি উদযাপন কৰা হৈছে পবিত্ৰ ঈদ উল জোহা ৷ নাজিৰাৰ সদৰ মছজিদত ইছলাম ধৰ্মীয় লোকসকলে সমূহীয়া নামাজ সম্পন্ন কৰে। ঈদ উপলক্ষে পুৱাই ইছলামধৰ্মীয় লোকসকল ও
নাজিৰাৰ সদৰ মছজিদত ইছলাম ধৰ্মীয় লোকসকলৰ পবিত্ৰ ঈদ উল জোহা উদযাপন, সমূহীয়া নামাজ সম্পন্ন


শিৱসাগৰ, ২৮ মে’ (হি.স.)। আজি ইছলামধৰ্মীয় লোকসকলে উদযাপন কৰিছে পবিত্ৰ ঈদ উল জোহা ৷ নাজিৰাৰ সদৰ মছজিদতো আজি উদযাপন কৰা হৈছে পবিত্ৰ ঈদ উল জোহা ৷ নাজিৰাৰ সদৰ মছজিদত ইছলাম ধৰ্মীয় লোকসকলে সমূহীয়া নামাজ সম্পন্ন কৰে।

ঈদ উপলক্ষে পুৱাই ইছলামধৰ্মীয় লোকসকল ওলাই আহিছে নাজিৰাৰ সদৰ মছজিদলৈ ৷ নাজিৰাৰ সদৰ মছজিদত আহি বিশ্বৰ শান্তিৰ বাবে আল্লাৰ ওচৰত দোৱা কৰাৰ লগতে সমূহীয়াকৈ নামাজ পঢ়া পৰিলক্ষিত হৈছে ৷

পূৰ্বতে নাজিৰা ঈদগাহ ময়দানত তিনিটাকৈ জামাতে সমূহীয়াকৈ নামাজ পঢ়িছিল যদিও আজি প্ৰতিকূল বতৰৰ বাবে তিনিটাকৈ জামাতে নিজ নিজ মছজিদত দোৱা আৰু নামাজ পঢ়া পৰিলক্ষিত হৈছে ৷

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande