ৰঙিয়াৰ ধুহি আঞ্চলিক ঈদগাহ মইদানত ১০ হাজাৰ লোকৰ উপস্থিতিত নামাজ সম্পন্ন
কামৰূপ, ২৮ মে (হি.স.)। সমগ্ৰ অসমৰ লগতে ৰঙিয়াৰ ধুহি আঞ্চলিক ঈদগাহ মইদানত আজি ঈদু উল আজহাৰ দুই ৰাকাত ওৱাজিব নামাজ আদায় কৰা হয়। প্ৰায় ১০ হাজাৰ লোকৰ উপস্থিতিত অনুস্থিত উক্ত নামাজত ইমামতি কৰে হজৰত মৌলানা শ্বেখ ফখৰুদ্দিন আহমেদ কাছিমী চাহেব, সভাপতি, কেন
ৰঙিয়াৰ ধুহি আঞ্চলিক ঈদগাহ মইদানত ১০ হাজাৰ লোকৰ উপস্থিতিত নামাজ সম্পন্ন


কামৰূপ, ২৮ মে (হি.স.)। সমগ্ৰ অসমৰ লগতে ৰঙিয়াৰ ধুহি আঞ্চলিক ঈদগাহ মইদানত আজি ঈদু উল আজহাৰ দুই ৰাকাত ওৱাজিব নামাজ আদায় কৰা হয়। প্ৰায় ১০ হাজাৰ লোকৰ উপস্থিতিত অনুস্থিত উক্ত নামাজত ইমামতি কৰে হজৰত মৌলানা শ্বেখ ফখৰুদ্দিন আহমেদ কাছিমী চাহেব, সভাপতি, কেন্দ্ৰীয় হিলাল কমিটি অসম।

বয়ানত মুছলমান সমাজে গৰু কোৰবানিৰ পৰা বিৰত থাকিব লাগে বুলি উল্লেখ কৰে। গৰুৰ পৰিবৰ্তে মহ, ছাগলী, ভেৰা, কোৰবানি কৰিবলৈ আহ্বান জনায়। নামাজৰ শেষত বিশ্ব শান্তিৰ বাবে দোৱা কৰা হয় ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande