ইছলাম ধৰ্মাৱলম্বীসকলৰ ঈদ-উল-জোহা উদযাপন
গুৱাহাটী, ২৮ মে্’ (হি.স.)। আজি পৱিত্ৰ ঈদ-উল-জোহা । হিজৰী বৰ্ষপঞ্জী হিচাপে জিলহজ্জ্ব মাহৰ ১০ তাৰিখে আজি ২৮ মে’ বৃহস্পতিবাৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিছে পৱিত্ৰ ঈদ-উল-জোহা। ধৰ্মীয় ভক্তি, উৎসাহ আৰু সম্প্ৰীতিৰ মাজেৰে উদযাপন কৰিছে ঈদ-উল জোহা
পৱিত্ৰ ঈদৰ নামাজ


গুৱাহাটী, ২৮ মে্’ (হি.স.)। আজি পৱিত্ৰ ঈদ-উল-জোহা । হিজৰী বৰ্ষপঞ্জী হিচাপে জিলহজ্জ্ব মাহৰ ১০ তাৰিখে আজি ২৮ মে’ বৃহস্পতিবাৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিছে পৱিত্ৰ ঈদ-উল-জোহা। ধৰ্মীয় ভক্তি, উৎসাহ আৰু সম্প্ৰীতিৰ মাজেৰে উদযাপন কৰিছে ঈদ-উল জোহা। কেন্দ্ৰীয় হিলাল কমিটীয়ে ঈদৰ দিন ঘোষণা কৰাৰ পিছতেই দেশৰ লগতে অসমৰো প্ৰান্তে প্ৰান্তে ঈদ-উল-জোহা উদযাপন কৰা হৈছে ।

উল্লেখ্য যে, ঈদক লৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত দেখা গৈছে উখল-মাখল পৰিৱেশ। ঈদগাহ ময়দান, মছজিদতো সমূহীয়া নামাজৰ আয়োজন কৰা হয় । প্ৰেম–ভাতৃত্ববোধৰ বাৰ্তাৰে ইজনে আনজনক ঈদৰ শুভেচ্ছা জনাইছে। ঈদ-উল-জোহা উপলক্ষে আজি পুৱা বিভিন্ন ঈদগাহত ঈদৰ নামাজ অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰা হয়। এই উপলক্ষে মছজিদ আৰু ঈদগাহসমূহো সুন্দৰকৈ সজাই পৰাই তোলা হৈছে।

ঈদ-উল-জুহা বা ঈদ-উল আজহা ইছলাম ধৰ্মালম্বী সকলৰ সকলোতকৈ ডাঙৰ আৰু গুৰুত্বপূৰ্ণ ধৰ্মীয় উৎসৱ দুটাৰ ভিতৰত অন্যতম। এই উৎসৱৰ আন দুটা নাম হ’ল বকৰিদ আৰু কোৰবাণী ঈদ। ঈদ-উল-জুহা মূলত আৰৱী বাক্যাংশ। ইয়াৰ অৰ্থ হ’ল ত্যাগৰ উৎসৱ। এই উৎসৱৰ মূল প্ৰতিপাদ্য বিষয় হৈছে ত্যাগ কৰা। এই দিনটোত মুছলিম সকলে তেওঁলোকৰ সাধ্য মতে ধৰ্মীয় নিয়মানুযায়ী উট, গৰু, দুম্বা বা ছাগলী কোৰবাণী দিয়ে বা জবেহ কৰে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande