
হোজাই, ২৮ মে (হি.স.)। মায়ানগৰী মুম্বাইত সংঘটিত হৈছিল লোমহৰ্ষক হত্যাকাণ্ড।
এগৰাকী মহিলাক ভাড়াঘৰতে চোকা অস্ত্ৰৰে হত্যা কৰিছিল মোৰাঝাৰৰ উদমাৰীৰ চামচুদ্দিন নামৰ এজন যুৱকে।
হত্যাকাণ্ডটো সংঘটিত কৰি ভাড়াঘৰৰ বাহিৰৰ পৰা তলা মাৰি পলায়ণ কৰিছিল স্বামী চামচুদ্দিনে।
১৯ মেত সংঘটিত হৈছিল উক্ত জঘন্য হত্যাকাণ্ডৰ ঘটনাটো।
ঘটনাৰ পাছত মুম্বাই আৰক্ষীয়ে চেলিমা খাতুন নামৰ মহিলা গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি আৰম্ভ কৰে তদন্ত।
বিগত ৫ দিন ধৰি অসমৰ হোজাই জিলাৰ মোৰাঝাৰত বাহৰ পাতি হত্যাকাৰীক বিচাৰি অভিযান চলায় মুম্বাই আৰক্ষীয়ে।
অৱশেষত হোজাই আৰু মুম্বাই আৰক্ষীৰ অভিযানত হোজাইৰ দেৱস্থানৰ পৰা গ্ৰেপ্তাৰ অভিযুক্ত চামচুদ্দিনক।
অভিযুক্ত চামচুদ্দিনৰ ঘৰ মোৰাঝাৰৰ পূৱ উদমাৰী গাৱত।
চামচুদ্দিনক গ্ৰেপ্তাৰ কৰাৰ পাছত মোৰাঝাৰ আৰক্ষীৰ প্ৰথমিক তদন্তত হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰিছে চামচুদ্দিনে। হত্যাকাণ্ড সন্দৰ্ভত মুম্বাইৰ মালৱাণী আৰক্ষী থানাত ৮৯৬/২০২৬ নম্বৰত এটি গোচৰ পঞ্জীয়ন হৈছিল।
মৃত মহিলা গৰাকী পশ্চিম বংগৰ ২৪ পৰগানাৰ আৰু কৰ্মসূত্ৰে তেওঁ মুম্বাইত আছিল।
কৰ্মসন্ধানত যোৱা মোৰাঝাৰৰ পূৱ উদমাৰী গাৱৰ ছামচুদ্দিনে এবছৰ পূৰ্বে বিয়া কৰাইছিল ছেলিমা খাতুন ওৰফে পিংকিক।
বিয়াৰ পাছৰে পৰা দুয়োৰে মাজত চলিছিল পাৰিবাৰিক সংঘাত।
আজিয়েই অভিযুক্ত ছামছুদ্দিনক মোৰাঝাৰ আৰক্ষীৰ পৰা চমজি লৈ মুম্বাই আৰক্ষীয়ে হোজাইৰ শংকৰদেৱ নগৰ আদালতত হাজিৰ কৰাই ট্ৰেনজিত ৰিমাণ্ড লৈ মুম্বাই অভিমুখে ৰাওঁনা হব বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে ছামছুদ্দিনৰ মোৰাঝাৰৰ উদমাৰীতো এগৰাকী পত্নীৰ লগতে চাৰিটা সন্তানো আছে ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা