
কামৰূপ, ২৮ মে’ (হি.স.)। উত্তৰ গুৱাহাটী ভেটামুখ নয়নপুৰৰ পৰা যোৱাকালি বুধবাৰে নিশা নকল সোণৰ নাও সহ এজনক আটক কৰা হৈছে ।
নকল সোণ খিনিৰ ওজন ৫ কেজি ৯৭০ গ্ৰাম বুলি কোৱা হৈছে । লোকজনৰ পৰা নগদ ৮৪ হাজাৰ টকা আৰু এটা মোবাইল ফোনো আৰক্ষীয়ে জব্দ কৰিছে ।
আটক কৰা লোকজন গোৰেশ্বৰৰ মোস্তাকিন ওৰফে ৰফিকুল ইছলাম বুলি পৰিচয় পোৱা গৈছে । ঘটনাৰ লগত জড়িত লখিমপুৰৰ অবিনাশ সৰকাৰ আৰু মফিদুল ইছলাম বৰ্তমান পলাতক হৈ আছে ।
উত্তৰ গুৱাহাটী ভেটামুখ নয়নপুৰৰ এটা ভাড়াঘৰৰ পৰা নকল সোণৰ ব্যৱসায় চলাইছিল ৰফিকুল, অবিনাশ আৰু মফিদুলে ।
সোণ ক্ৰয় কৰিবলৈ অহা বিহাৰৰ এগৰাকী মহিলাৰ অভিযোগৰ ভিত্তিত আটক হয় মোস্তাকিন ওৰফে ৰফিকুল ইছলাম ।
নকল সোণ ব্যৱসায়ীক ধৰিবলৈ ইতিমধ্যে উত্তৰ গুৱাহাটী আৰক্ষীয়ে জোৰ তদন্ত আৰম্ভ কৰিছে ।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা