ডিমৰীয়া সমষ্টিৰ মালয়বাৰী গাঁও পঞ্চায়তত বিশেষ সম্বৰ্ধনা সভা সম্পন্ন
গুৱাহাটী, ২৮ মে (হি.স.)। ডিমৰীয়া সমষ্টিৰ মালয়বাৰী গাঁও পঞ্চায়তত বিশেষ সম্বৰ্ধনা সভা সম্পন্ন। মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে অনুষ্ঠিত হয় এই বিশেষ সম্বৰ্ধনা সভা খন। মালয়বাৰ
ডিমৰীয়া সমষ্টিৰ মালয়বাৰী গাঁও পঞ্চায়তত বিশেষ সম্বৰ্ধনা সভা সম্পন্ন


ডিমৰীয়া সমষ্টিৰ মালয়বাৰী গাঁও পঞ্চায়তত বিশেষ সম্বৰ্ধনা সভা সম্পন্ন


গুৱাহাটী, ২৮ মে (হি.স.)। ডিমৰীয়া সমষ্টিৰ মালয়বাৰী গাঁও পঞ্চায়তত বিশেষ সম্বৰ্ধনা সভা সম্পন্ন। মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে অনুষ্ঠিত হয় এই বিশেষ সম্বৰ্ধনা সভা খন। মালয়বাৰী অঞ্চলৰ প্ৰায় ৪৮ গৰাকী কৃতি শিক্ষাৰ্থীক এখন ফুলাম গামোচা আৰু মানপত্ৰৰে জনোৱা হয় এই সম্বৰ্ধনা।

আনহাতে অঞ্চলটোৰ অৱসৰী শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে বিদ্যালয় প্ৰধান সকলক এই অনুষ্ঠানতে জনোৱা হয় সম্বৰ্ধনা।

এই সম্বৰ্ধনা অনুষ্ঠানত ডিমৰীয়া সমষ্টিৰ বিধায়ক ড০ তপন দাস, ডিমৰীয়া উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া পলী বৰুৱা, মালয়বাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী বৰ্ণালী হাজৰিকা দাস, সচিব জয়শ্ৰী বৰ্মন প্ৰমুখ্যে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande