লক্ষীপুৰত পশ্চিম গোৱালপাৰা বিধান সভা সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক পবিত্র ৰাভাক সম্বৰ্দ্ধনা
গোৱালপাৰা, ২৮ মে (হি.স.)। ভাৰতীয় জনতা পার্টি লক্ষীপুৰ মণ্ডলৰ উদ্যোগত আজি সম্বৰ্দ্ধনা জনোৱা হয় পশ্চিম গোৱালপাৰা বিধান সভা সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক পবিত্র ৰাভাক। গাম্ভীর্যপূৰ্ণ অনুষ্ঠানত যুৱ বিধায়ক গৰাকীক এখন বিহুৱান, এটা জাপি, এখন শৰাইৰে সম্
লক্ষীপুৰত পশ্চিম গোৱালপাৰা বিধান সভা সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক পবিত্র ৰাভাক সম্বৰ্দ্ধনা


গোৱালপাৰা, ২৮ মে (হি.স.)। ভাৰতীয় জনতা পার্টি লক্ষীপুৰ মণ্ডলৰ উদ্যোগত আজি সম্বৰ্দ্ধনা জনোৱা হয় পশ্চিম গোৱালপাৰা বিধান সভা সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক পবিত্র ৰাভাক। গাম্ভীর্যপূৰ্ণ অনুষ্ঠানত যুৱ বিধায়ক গৰাকীক এখন বিহুৱান, এটা জাপি, এখন শৰাইৰে সম্বৰ্দ্ধনা জনায়।

নিৰ্বাচনী প্ৰচাৰত দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব বিধায়ক পবিত্র ৰাভাই।

আজি পুনৰ দোহাৰে সেই কথা।

ইপিনে চৰকাৰী ভূমিত অবৈধ বেদখলৰ বিৰুদ্ধে উচ্ছেদ আৰু লাভ জেহাদ সংক্রান্তত প্ৰতিটো ক্ষেত্রত যুঁজ অব্যাহত ৰাখিব বিধায়ক পবিত্র ৰাভাই। নিৰ্বাচনী প্ৰচাৰৰ সময়তো উচ্ছেদ আৰু লাভ জেহাদৰ বিৰোধিতা কৰিছিল । সেয়ে এই ভয়াবহ প্ৰতিটো সমস্যাৰ ক্ষেত্রত বিধায়ক গৰাকীয়ে নিজে সজাগ হৈ থকাৰ লগতে পৰিয়ালৰ অভিভাৱক সকলক সজাগ হ'বলৈ আহ্বান জনায়।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande