
কোকৰাঝাৰ, ২৮ মে (হি.স.)। পৃথক বড়োলেণ্ড ৰাজ্য সৃষ্টি কৰা দাবীত পুনৰ গণতান্ত্ৰিক আন্দোলন কৰিবলৈ সাজু হৈছে বড়োৰ কেইবাটাও সংগঠন।
এইবাৰ বড়োলেণ্ড ৰাজ্য গঠনৰ আন্দোলনক সমৰ্থন কৰিবলৈ আগবাঢ়ি আহিছে গোৰ্খালেণ্ড ৰাজ্য দাবী সমিতিৰ নেতৃবৰ্গই।
কোকৰাঝাৰ চহৰস্থিত বড়োলেণ্ড অতিথিশালাত অনুষ্ঠিত গুৰুত্বপূৰ্ণ বৈঠকত গ্ৰহণ কৰা হৈছে সিদ্ধান্ত।
বডো নেচনেল ষ্টুডেণ্ট ইউনিয়ন(বনছু), বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চ, সদৌ বি টি চি গাঁওবুঢ়া সন্থা, প্ৰাক্তন এনডিএফবি আৰু সুদুৰ পশ্চিম বংগৰ গোৰ্খালেণ্ড ষ্টেট ডিমাণ্ড কমিটী আদি সংগ্ৰামী সংগঠনৰ মাজত মিলিত হয় গুৰুত্বপূৰ্ণ বৈঠক।
বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ যি পৃথক বড়োলেণ্ড ৰাজ্য গঠনৰ সপোনক বাস্তৱত ৰূপায়ণ কৰিবলৈ এইবাৰ পুনৰ গণতান্ত্ৰিক আন্দোলন কৰা হ'ব।
পৃথক বড়োলেণ্ড ৰাজ্য গঠন আৰু গোৰ্খালেণ্ড ৰাজ্য গঠনৰ আন্দোলন উভয়ে কৰা হ'ব।
বড়োলেণ্ড ৰাজ্য গঠনৰ দাবীৰ সংগ্ৰামক গোৰ্খালেণ্ড ষ্টেট ডিমাণ্ড কমিটী পৰা পুৰ্ন সমৰ্থন কৰা দৰেই গোৰ্খালেণ্ড ৰাজ্য দাবীৰ আন্দোলনক সমৰ্থন কৰিব বড়োলেণ্ডৰ সংগ্ৰামী সকলে।
পৃথক বড়োলেণ্ড ৰাজ্য গঠন নোহোৱালৈকে অব্যাহত থাকিব গণতান্ত্ৰিক আন্দোলন।
গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে বনছুৰ সভাপতি ৰঞ্জিত মঞ্জিল বসুমতাৰী, গোৰ্খালেণ্ড ষ্টেট ডিমাণ্ড কমিটীৰ মুখ্য সমন্বয়ক সঞ্জয় টুলুং, বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চৰ কাৰ্যকৰী সভাপতি দাউৰাউ দেখ্ৰেব নাৰ্জাৰী, সদৌ বিটিচি গাঁওবুঢ়া সন্থাৰ সম্পাদক বিৰহাং মুছাহাৰী , প্ৰাক্তন এনডিএফবি এম বাথা প্ৰমূখ্য বহু সংগ্ৰামী সদস্যবৃন্দ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা