(আপডেট)কোকৰাঝাৰত পুখুৰীত পৰি মৃত্য়ু দুই নাবালিকা কিশোৰীৰ পৰিয়ালক আৰ্থিক সাহায্য় প্ৰদান মন্ত্ৰী ৰামেশ্বৰ তেলীৰ
কোকৰাঝাৰ, ২৮ মে (হি.স.)। ঢোলমাৰাত মন্ত্ৰী ৰামেশ্বৰ তেলী । মৃতকৰ নিকটাত্মীয়লৈ দুই লাখ টকাকৈ প্ৰদান । শোকাকুল পৰিয়ালৈ সমবেদনা জনাই মন্ত্ৰী গৰাকী । স্থানীয় ৰাইজ আৰু পৰিয়ালৰ সৈতে মত বিনিময় । কোকৰাঝাৰত দুই নাবালিকা কিশোৰীৰ নিথৰ দেহ বিগত ২১ মে''ৰ দি
(আপডেট)কোকৰাঝাৰত পুখুৰীত পৰি মৃত্য়ু দুই নাবালিকা কিশোৰীৰ পৰিয়ালক আৰ্থিক সাহায্য় প্ৰদান মন্ত্ৰী ৰামেশ্বৰ তেলীৰ


কোকৰাঝাৰ, ২৮ মে (হি.স.)। ঢোলমাৰাত মন্ত্ৰী ৰামেশ্বৰ তেলী ।

মৃতকৰ নিকটাত্মীয়লৈ দুই লাখ টকাকৈ প্ৰদান ।

শোকাকুল পৰিয়ালৈ সমবেদনা জনাই মন্ত্ৰী গৰাকী ।

স্থানীয় ৰাইজ আৰু পৰিয়ালৰ সৈতে মত বিনিময় ।

কোকৰাঝাৰত দুই নাবালিকা কিশোৰীৰ নিথৰ দেহ বিগত ২১ মে'ৰ দিনাখন ঢোলমাৰাৰৰ এটা পুখুৰীৰ পৰা উদ্ধাৰ হোৱাৰ পিছত আজিও প্ৰতিক্ৰিয়া অব্যাহত আছে।

নিহত দুই ছাত্ৰী ক্ৰমে অনামিকা বাৰা আৰু সৰিতা উৰাও মৃত্যু ৰহস্যক লৈ বিভিন্ন প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে আজি মন্ত্ৰী ৰামেশ্বৰ তেলী মৃতকৰ ঘৰত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গক গভীৰ সমবেদনা জ্ঞাপন কৰে ।

তদুপৰি মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ঘটনা সন্দৰ্ভত পৰিয়াল তথা স্থানীয় ৰাইজৰ পৰা বক্তব্য শুনে।

পৰিয়াল তথা স্থানীয় ৰাইজে পানীত ডুবি মৃত্যু হোৱা কথাটো মানিবলৈ টান পাই ঘটনাটোত গভীৰ ৰহস্য থকা বুলি সদৰি কৰি ন্যায় প্ৰদান কৰিবলৈ আহ্বান জনাইছে ।

ইপিনে মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে সংবাদ মাধ্যমৰ আগত সমগ্ৰ ঘটনাটোৰ দুখ প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ।

চৰকাৰৰ তৰফৰ পৰা দুয়োটা পৰিয়ালকে দুই লাখ টকাকৈ সাহাৰ্য দিয়াৰ আৱণ্টন পত্ৰ হাতত তুলি দিয়ে ৰামেশ্বৰ তেলীয়ে !

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande