


আজমেৰ (ৰাজস্থান), ২৮ মে’ (হি.স.)। ৰাজস্থানৰ আজমেৰ জিলাত বৃহস্পতিবাৰে পুৱা এখন স্কৰপিঅ’ অগ্নিকাণ্ডত এগৰাকী প্ৰাক্তন পঞ্চায়ত সভাপতি, এগৰাকী মাতৃ-পুত্ৰকে ধৰি চাৰিজন লোক জীৱিত অৱস্থাত জ্বলি যায়। বৰাদা থানা এলেকাৰ শ্ৰীৰামপুৰা গাঁৱৰ সমীপত পুৱা প্ৰায় ৫:৩০ বজাত সংঘটিত হয় এই ঘটনা । প্ৰথম অৱস্থাত এই গোচৰটোক দুৰ্ঘটনা বুলি গণ্য কৰা হৈছিল যদিও সেই স্থানত পোৱা প্ৰমাণৰ পিছত এতিয়া আৰক্ষীয়ে হত্যাৰ কোণটোৰ তদন্ত আৰম্ভ কৰিছে।
এই ঘটনাত শ্ৰীৰামপুৰাৰ বাসিন্দা তথা প্ৰাক্তন পঞ্চায়ত সভাপতি ৰাম সিং চৌধুৰী, তেওঁৰ মাতৃ আৰু প্ৰাক্তন পঞ্চায়ত সভাপতি পুষী দেৱী, তেওঁৰ পত্নী তথা বিদায়ী কংগ্ৰেছ সমৰ্থিত জিলা পৰিষদৰ সদস্য সুৰজ্ঞান দেৱী আৰু ভতিজী মহিমাৰ মৃত্যু হয়। স্কৰপিঅ’ খনত চাৰিওজনৰ মৃতদেহ বেয়াকৈ জ্বলি থকা অৱস্থাত উদ্ধাৰ হয়।
প্ৰাথমিক তথ্য অনুসৰি প্ৰাক্তন পঞ্চায়ত সভাপতি পুষী দেৱীৰ বুকুৰ বিষৰ অনুভৱ কৰিছিল । সেয়ে পুৱাই ৰামসিং চৌধুৰীয়ে মাতৃক চিকিৎসালয়লৈ নিবলৈ ঘৰৰ পৰা ওলাই আহিছিল । গাড়ীখনত পৰিয়ালৰ আন সদস্যসকলো উপস্থিত আছিল। গাঁওখনৰ পৰা প্ৰায় এক কিলোমিটাৰ দূৰত্বত হঠাতে বাহনখনত অগ্নিকাণ্ড সংঘটিত হয়। স্থানীয় লোকে জনোৱা মতে, কিছু মিনিটৰ ভিতৰতে সমগ্ৰ বাহনখন জুইৰ শিখাই আগুৰি ধৰে, যাৰ ফলত ভিতৰত থকাসকলে ওলোৱাৰ সুযোগ নাপালে ।
ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত বৃহৎ সংখ্যক গাঁওবাসী উপস্থিত হয়।
জুই ইমানেই তীব্ৰ আছিল যে ওচৰৰ অঞ্চলৰ পৰা পানীৰ টেংকাৰ মাতি আনি নিয়ন্ত্ৰণলৈ আনিছিল । দুৰ্ঘটনা সংঘটিত হোৱাৰ কিছু সময়ৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী অধীক্ষক হৰ্ষবৰ্ধন আগৰৱালা আৰু আৰক্ষী আৰু প্ৰশাসনিক জ্যেষ্ঠ বিষয়াসকল।
আৰক্ষীৰ তদন্তৰ সময়ত মৃত সুৰজ্ঞান দেৱীৰ ডিঙিত তেজৰ দাগ ধৰা পৰাত গোচৰটোৱে নতুন ৰূপ লয়। তদুপৰি তালাচীৰ সময়ত আৰক্ষীয়ে দুটা ইটা আৰু তেজৰ দাগো উদ্ধাৰ কৰে। এই পৰিস্থিতিয়ে ঘটনাটোক সন্দেহজনক কৰি তুলিছিল।
আৰক্ষী অধীক্ষক হৰ্ষবৰ্ধন আগৰৱালাই উল্লেখ কৰে যে আৰক্ষীয়ে এই গোচৰৰ প্ৰতিটো কোণৰ পৰা তদন্ত কৰি আছে। ঘটনাস্থলীলৈ এফ এছ এলৰ দলটোক মাতি অনাৰ লগতে কাৰিকৰী প্ৰমাণ সংগ্ৰহ কৰি আছে।
তেওঁ লগতে কয় যে শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হৈছে নে ষড়যন্ত্ৰৰ বাবে এই অগ্নিকাণ্ড সংঘটিত হৈছে সেই বিষয়ে এক পুংখানুপুংখ তদন্ত চলি আছে। সম্প্ৰতি আৰক্ষীয়েও ইয়াক হত্যাকাণ্ড বুলি গণ্য কৰি আছে।
ৰাম সিং চৌধুৰীক আঞ্চলিক ৰাজনীতিত সক্ৰিয় ব্যক্তি হিচাপে গণ্য কৰা হৈছিল। তেওঁ বৰাদা গ্ৰাম পঞ্চায়তৰ সভাুপতি হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে কিশনগড় বিধানসভাৰ আসনত নিৰ্দলীয় হিচাপেও প্ৰতিদ্বন্দ্বিতা কৰিছিল। তেওঁৰ মাতৃ পুছি দেৱীয়েও কাছিৰ গ্ৰাম পঞ্চায়তৰ সৰপঞ্চ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁৰ পত্নী সুৰজ্ঞান দেৱী কংগ্ৰেছ দলৰ সৈতে জড়িত আছিল আৰু প্ৰাক্তন জিলা পৰিষদৰ সদস্য আছিল।
একেটা পৰিয়ালৰ চাৰিজন সদস্যৰ মৰ্মান্তিক মৃত্যুৱে গাঁওখনক ম্লান কৰি তুলিছে। চিকিৎসালয়খনৰ লগতে ঘটনাস্থলীত উপস্থিত হয় বৃহৎ সংখ্যক গাঁওবাসী আৰু সমৰ্থক।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ