নাওকাটাত শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ উদ্যোগত সম্বৰ্ধনা অনুষ্ঠান
তামুলপুৰ, ২৮ মে (হি.স.)। নাওকাটাত শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ উদ্যোগত সম্বৰ্ধনা অনুষ্ঠান। সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থা, শৰণীয়া কছাৰী গণতান্ত্ৰিক নাৰী মঞ্চ, শৰণীয়া কছাৰী সন্মিলনী, শৰণীয়া কছাৰী সাহিত্য সভা'' অসম''ৰ কাৰ্যনিৰ্বাহক সভা উপলক্ষে পূৱ
নাওকাটাত শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ উদ্যোগত সম্বৰ্ধনা অনুষ্ঠান


তামুলপুৰ, ২৮ মে (হি.স.)। নাওকাটাত শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ উদ্যোগত সম্বৰ্ধনা অনুষ্ঠান।

সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থা, শৰণীয়া কছাৰী গণতান্ত্ৰিক নাৰী মঞ্চ, শৰণীয়া কছাৰী সন্মিলনী, শৰণীয়া কছাৰী সাহিত্য সভা' অসম'ৰ কাৰ্যনিৰ্বাহক সভা উপলক্ষে পূৱ ডেফেলী আঞ্চলিক শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ উদ্যোগত আজি স্থানীয় নাওকাটা মিলন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সূখ্যাতিৰে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ– ছাত্ৰী সকলক সম্বৰ্ধনা জনোৱা হয় ।

সভাত মূখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দীপজ্যোতি শৰণীয়াই ছাত্ৰ– ছাত্ৰী সকলক ভবিষ্যত জীৱনত আগবাঢ়ি যাবলৈ বিভিন্ন দিহা পৰামৰ্শ আগবঢ়াই । অনুষ্ঠানত উচ্চ মাধ্যমিকৰ ১১ আৰু উচ্চতৰ মাধ্যমিকৰ ৮ গৰাকী ছাত্ৰ ছাত্ৰীক মানপত্ৰ আৰু শৰণীয়া কছাৰী গামোচাৰে সম্বৰ্ধনা জনায় ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande