
গোলাঘাট, ২৮ মে (হি.স.)। মেৰাপানীৰ ২ নং নেঘেৰীবিলত পুনৰ আৰম্ভ হ’ব বৃহৎ উচ্ছেদ অভিযান। বন বিভাগৰ বিশেষ মুখ্য সচিব এম কে যাদৱে বৃহস্পতিবাৰে ঘটনাস্থলী পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। বন বিভাগ, জিলা প্ৰশাসন আৰু চি আৰ পি এফৰ উচ্চপদস্থ বিষয়া সকলৰ উপস্থিতিত চলা এই পৰিদৰ্শনে অঞ্চলটোত বৰ্তমানেও বসতি কৰি থকা ৫৯ টা পৰিয়ালৰ মাজত পুনৰ আতংকই বিৰাজ কৰিছে।
উল্লেখযোগ্য যে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা লাভ কৰাৰ পাছতেই মেৰাপানীৰ ২ নং নেঘেৰীবিলত পুনৰ উচ্ছেদ অভিযানৰ বাবে সাজু হৈছে ৰাজ্যৰ বন বিভাগৰ লগতে গোলাঘাট জিলা প্ৰশাসন। বৃহস্পতিবাৰে ৰাজ্য বন বিভাগৰ বিশেষ মুখ্য সচিব এম কে যাদৱে ঘটনাস্থলীত উপস্থিত হৈ উচ্ছেদ হ’বলগীয়া স্থানসমূহ পৰিদৰ্শন কৰে।
তেখেতৰ সৈতে উপস্থিত থাকে গোলাঘাট জিলাৰ জিলা আয়ুক্ত পূৱালী গোঁহাই, বন বিভাগৰ উচ্চপদস্থ বিষয়া-কর্মচাৰী, অতিৰিক্ত আৰক্ষী অধীক্ষক জন দাস আৰু চি আৰ পি এফৰ বিষয়া সকল।
দলটোৱে উচ্ছেদৰ বাবে চিনাক্ত কৰা অঞ্চল সমূহৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ লগতে পৰিস্থিতিৰ বুজ লয়।
উল্লেখ্য যে, নেঘেৰীবিল অঞ্চলত দীৰ্ঘদিন ধৰি বনভূমিত অবৈধ বেদখলৰ অভিযোগ উত্থাপিত হৈ আহিছে। ইয়াৰ পূৰ্বেও বন বিভাগে উচ্ছেদ অভিযান চলাইছিল যদিও ৫৯ টা পৰিয়ালে উচ্ছেদৰ বিৰোধিতাৰে উচ্চতম ন্যায়ালয়ত লেখ আবেদন দাখিল কৰাৰ পাছতে স্থগিতাদেশ বাহাল কৰা হৈছিল।
ৰাজ্যৰ বন বিভাগে ২ নং নেঘেৰিবিলৰ ৫৯ টা পৰিয়ালৰ লগতে উৰিয়ামঘাটৰ ১১ টা পৰিয়ালক উচ্ছেদৰ বাবে পুনৰ যোৱা ২১ ফেব্ৰুৱাৰীত জাননী জাৰি কৰিছিল। বন বিভাগে সদৰি কৰা তথ্য অনুসৰি ন্যায়ালয়ৰ নিৰ্দেশনা লাভ কৰাৰ লগে লগে জুন মাহৰ পহিলা ভাগতে উক্ত স্থানত সমূহত উচ্ছেদ চলিব ।
ইফালে সম্ভাব্য উচ্ছেদক কেন্দ্ৰ কৰি অঞ্চলটোত উদ্বেগ আৰু উৎকণ্ঠাৰ পৰিৱেশ বিৰাজ কৰিছে। আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰাৰো সম্ভাৱনা দেখা গৈছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা