বৰপেটাৰোডত উলহ-মালহেৰে পৱিত্ৰ ঈদ উদযাপন
বৰপেটা, ২৮ মে’ (হি.স.)। আজি পৱিত্ৰ ঈদ-উল-জোহা । বৰপেটাৰোডত উলহ-মালহেৰে পৱিত্ৰ ঈদ উদযাপন কৰা হৈছে। সমগ্ৰ ৰাজ্যৰ লগতে বৰপেটাৰোডতো আজি পৱিত্ৰ ঈদ-উজ-জোহা অত্যন্ত উলহ-মালহ আৰু আধ্যাত্মিক পৰিৱেশৰ মাজত উদযাপন কৰা হয়। সমূহীয়া নামাজত অংশগ্ৰহণ কৰে হাজাৰ হাজ
বৰপেটাৰোডত উলহ-মালহেৰে পৱিত্ৰ ঈদ উদযাপন


বৰপেটা, ২৮ মে’ (হি.স.)। আজি পৱিত্ৰ ঈদ-উল-জোহা । বৰপেটাৰোডত উলহ-মালহেৰে পৱিত্ৰ ঈদ উদযাপন কৰা হৈছে। সমগ্ৰ ৰাজ্যৰ লগতে বৰপেটাৰোডতো আজি পৱিত্ৰ ঈদ-উজ-জোহা অত্যন্ত উলহ-মালহ আৰু আধ্যাত্মিক পৰিৱেশৰ মাজত উদযাপন কৰা হয়। সমূহীয়া নামাজত অংশগ্ৰহণ কৰে হাজাৰ হাজাৰ ইছলামধৰ্মী লোকসকলে।

ৰাতিপুৱাৰে পৰা বৰপেটাৰোড আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহৰ ইছলাম ধৰ্মীয় লোকসকলৰ মাজত দেখিবলৈ পোৱা গৈছে এক উছৱমুখৰ পৰিৱেশ। বৰপেটাৰোডৰ বিভিন্ন ঈদগাহ ময়দান আৰু মছজিদসমূহত হাজাৰ হাজাৰ ধৰ্মপ্ৰাণ লোকে সমবেত হৈ সমূহীয়া নামাজত অংশগ্ৰহণ কৰে । নতুন সাজ-পাৰ পৰিধান কৰি আবাল-বৃদ্ধ-বনিতা সকলো ওলাই আহে পৱিত্ৰ নামাজত অংশ ল’বলৈ। নামাজৰ শেষত সকলোৱে ইজনে সিজনক সাৱটি ধৰি ঈদৰ শুভেচ্ছা বিনিময় কৰা পৰিলক্ষিত হয়। শান্তি, সম্প্ৰীতি আৰু ভ্ৰাতৃত্ববোধৰ এই পৱিত্ৰ উৎসৱে অঞ্চলটোৰ সামূহিক একতাক পুনৰবাৰ প্ৰতিষ্ঠা কৰে।

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande