শোণিতপুৰৰ বালিপৰাত ঈদ পালন
শোণিতপুৰ, ২৮ মে’ (হি.স.)। আজি মুছলমান ধৰ্মীয় লোক সকলে পালন কৰিছে ইদ উল আজহা । সমগ্ৰ ৰাজ্যৰ লগতে শোণিতপুৰৰ বালিপৰাতো উলহ মালহেৰে পালন কৰিছে ঈদ । ঈদ উপলক্ষে বালিপৰাত উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে । বৃহত্তৰ বালিপৰা অঞ্চলৰ ইছলাম ধৰ্মীয় লোকসকলে বালিপৰা
শোণিতপুৰৰ বালিপৰাত ঈদ পালন


শোণিতপুৰ, ২৮ মে’ (হি.স.)। আজি মুছলমান ধৰ্মীয় লোক সকলে পালন কৰিছে ইদ উল আজহা । সমগ্ৰ ৰাজ্যৰ লগতে শোণিতপুৰৰ বালিপৰাতো উলহ মালহেৰে পালন কৰিছে ঈদ । ঈদ উপলক্ষে বালিপৰাত উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে ।

বৃহত্তৰ বালিপৰা অঞ্চলৰ ইছলাম ধৰ্মীয় লোকসকলে বালিপৰাৰ ইদগাহত একে লগে সমাজ তথা নিজৰ পৰিয়ালৰ মংগল কামনাৰ উদ্দেশ্যৰে নামাজ পঢ়া দেখিবলৈ পোৱা গৈছে ।

উল্লেখ্য় যে ঈদ-উল-জুহা বা ঈদ-উল আজহা ইছলাম ধৰ্মালম্বী সকলৰ সকলোতকৈ ডাঙৰ আৰু গুৰুত্বপূৰ্ণ ধৰ্মীয় উৎসৱ দুটাৰ ভিতৰত অন্যতম। এই উৎসৱৰ আন দুটা নাম হ’ল বকৰিদ আৰু কোৰবাণী ঈদ। ঈদ-উল-জুহা মূলত আৰৱী বাক্যাংশ। ইয়াৰ অৰ্থ হ’ল ত্যাগৰ উৎসৱ। এই উৎসৱৰ মূল প্ৰতিপাদ্য বিষয় হৈছে ত্যাগ কৰা। এই দিনটোত মুছলিম সকলে তেওঁলোকৰ সাধ্য মতে ধৰ্মীয় নিয়মানুযায়ী উট, গৰু, দুম্বা বা ছাগলী কোৰবাণী দিয়ে বা জবেহ কৰে।

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande