
গোলাঘাট, ২৮ মে (হি.স.)।দেৰগাঁৱৰ মলাইকুমাৰত তীব্ৰ আতংক। মলাইকুমাৰ গাঁৱৰ ৰামপ্ৰসাদ নামৰ এটা ঘৰচীয়া হাতীয়ে হত্যা কৰিলে অন্য এটা হাতীৰ মাউতক । কিছুদিন পূৰ্বে ৰামপ্ৰসাদে হত্যা কৰিছিল নিজৰ গৰাকীক। ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা দেৰগাঁৱত। ঘটনাস্থলীত উপস্থিত হৈ বন বিভাগ আৰু আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান।
স্থানীয় ৰাইজে দাবী জনাইছে হাতীটোক শীঘ্ৰে বন্দী কৰিব লাগে অন্য়থা পুনৰ আন লোকক হত্য়া কৰাৰ পুৰ্ণ সম্ভাৱনা আছে। হাতীটো মদমত্ত হোৱাৰ সম্ভাৱনা আছে বুলি স্থানীয় ৰাইজে সংবাদ মাধ্য়মক অবগত কৰিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা