
গোলাঘাট, ২৮ মে (হি.স.)। দেৰগাঁৱত ভয়ানক অঘটন। ঘৰচীয়া হাতীৰ আক্ৰমণত মৃত্যু হাতীৰ মাউতৰ। জানিব পৰা অনুসৰি দেৰগাঁও মলাই কুমাৰ গাঁৱৰ এটা পথেদি ৰামপ্ৰসাদ নামৰ হাতীটো আনি থাকোতে পথটোৰ মাজভাগতে থকা এটা শিৱ মন্দিৰৰ কাষতে পূৰ্বৰে পৰা বাঁহ পাত খাই আছিল আন এটা হাতীয়ে। ৰামপ্ৰসাদ একেটা পথেদি আহি থকা দেখি প্ৰশান্ত নামৰ বাঁহপাত খাই থকা হাতীটোৰ মাউতজন নামি আহোঁতেই ৰামপ্ৰসাদে নিজৰ মাউতজনে তৰ্কিব পৰাৰ আগতেই প্ৰশান্ত নামৰ মাউতজনক আক্ৰমণ কৰি নিহত কৰে। সেইস্থান ত্যাগ কৰি গুচি যায়।
ৰামপ্ৰসাদ নামৰ হাতীটোৰ পিছে পিছে মাউতজনো গৈ ৰামপ্ৰসাদক বঙ্গালগাঁৱৰ এখন হাবিৰ মাজত বান্ধিবলৈ সক্ষম হয়। ইতিমধ্যে ঘটনাস্থলীত দেৰগাঁও আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত হৈ পৰিস্থিতি অধ্যয়ন কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে ৰামপ্ৰসাদ নামৰ হাতীটোৱে এবছৰৰ পূৰ্বে নিজৰ গৰাকীকো আক্ৰমণ কৰি নিহত কৰিছিল ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু