


নতুন দিল্লী, ২৮ মে’ (হি.স.)। ভাৰতীয় জনতা পাৰ্টি (বিজেপি)য়ে বৃহস্পতিবাৰে দিল্লী, হাৰিয়ানা, পঞ্জাৱ, আৰু ত্ৰিপুৰাত নতুন ৰাজ্যিক সভাপতি নিযুক্তি দি বৃহৎ সাংগঠনিক সালসলনি কৰে। দলটোৱে জাৰি কৰা এক আনুষ্ঠানিক বিবৃতি অনুসৰি তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ সকলো নিযুক্তি কাৰ্যকৰী কৰা হৈছে।
কেন্দ্রীয় ৰাজ্যিক মন্ত্রী হর্ষ মালহোত্রক দিল্লীত নতুন ৰাজ্যিক সভাপতি হিচাপে নিযুক্তি দিলে বিজেপিয়ে৷ হাৰিয়ানাত মহিলা নেত্ৰী অৰ্চনা গুপ্তাক ৰাজ্যিক সভানেত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে ।
অহা বছৰৰ বিধানসভা নিৰ্বাচনৰ কথা মনত ৰাখি পঞ্জাৱতো সাংগঠনিক পৰিৱৰ্তন সাধন কৰিছে বিজেপিয়ে। কেৱাল সিং ধিলনক পঞ্জাৱ বিজেপিৰ মুৰব্বী হিচাপে নিযুক্তি দিছে দলটোৱে। ইয়াৰ উপৰিও ত্ৰিপুৰাত বিধায়ক অভিষেক দেব্ৰয়ক ৰাজ্যিক সভাপতি হিচাপে নিযুক্তি দিয়া হৈছে ।
বিজেপিয়ে জাৰি কৰা এক বিবৃতিত উল্লেখ কৰা হৈছে যে ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীয়ে এই নিযুক্তিসমূহত অনুমোদন জনাইছে। দলৰ নেতৃত্বই বিশ্বাস কৰে যে আগন্তুক নির্বাচনত সংগঠনটোক শক্তিশালী কৰাৰ লগতে সবল প্রদর্শন সুনিশ্চিত কৰাত নতুন ৰাজ্যিক সভাপতিসকলে মূল ভূমিকা পালন কৰিব ৷
--------------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ