
গুৱাহাটী, ২৮ মে্ৰ,(হি.স.)। নিৰ্বাচনত পৰাজয় বৰণ কৰা কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই নিজৰ স্থিতি স্পষ্ট কৰি বিজেপিত যোগদান নকৰে বুলি সদৰি কৰিছে । তেওঁ কয়, যিসকলে মোৰ দল সলনি কৰা বা বিজেপিত যোগদান কৰাক লৈ উৰাবাতৰি বিয়পাইছে, তেওঁলোকক মই স্পষ্ট কৰি দিব বিচাৰোঁ যে ১৯৭২ চনৰ পৰাই মই কংগ্ৰেছৰ আদৰ্শৰ সৈতে জড়িত। কংগ্ৰেছৰ প্ৰতি মোৰ এই আনুগত্য চিৰযুগমীয়া আৰু ই কেতিয়াও সলনি নহয় ।
শাসকীয় দলৰ বিৰুদ্ধে আমাৰ মাত সদায় সৱল হৈ থাকিব । চৰকাৰৰ দুৰ্নীতি, বিশেষকৈ পানী যোগান আঁচনিৰ কেলেংকাৰী আৰু বিজেপিৰ তথাকথিত 'ৱাছিং মেচিন' ৰাজনীতিৰ বিৰুদ্ধে আমাৰ সংগ্ৰাম অব্যাহত থাকিব। ৰাইজৰ স্বাৰ্থত এক সৱল বিৰোধী হিচাপে বাসগৃহত সংবাদ মাধ্যমৰ প্ৰতিনিধি সকলৰ সৈতে হোৱা বাৰ্তালাপত কংগ্ৰেছ দলৰ শেহতীয়া নিৰ্বাচনী ফলাফল আৰু দলৰ পৰৱৰ্তী ৰাজনৈতিক পদক্ষেপৰ বিষয়ে অসম বিধানসভাৰ কংগ্ৰেছ দলৰ প্ৰাক্তন বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই নিজৰ স্থিতি স্পষ্ট কৰে।
তেওঁ কয়, নিৰ্বাচনৰ ফলাফলক আমি বিনম্ৰতাৰে গ্ৰহণ কৰিছোঁ আৰু ইয়াৰ অন্তৰালৰ কাৰণ সমূহ আমি নিশ্চিতভাৱে বিশ্লেষণ কৰিম। এই মুহূৰ্তত দলৰ হাইকমাণ্ডে মোক যি দায়িত্ব অৰ্পণ কৰিব, সেয়া মই এজন নিষ্ঠাৱান কৰ্মী হিচাপে পালন কৰিবলৈ সাজু আছোঁ। নিজৰ দায়িত্ব নিষ্ঠাৰে পালন কৰি যাব বুলিও ব্যক্ত কৰে দেৱব্ৰত শইকীয়াই ।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ