বশিষ্ঠ আৰক্ষীৰ অভিযানত দুধৰ্ষ চিলনী চোৰ গ্ৰেপ্তাৰ
গুৱাহাটী, ২৮ মে'', (হি.স.)। বশিষ্ঠ আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন স্থানৰ পৰা মহিলাৰ ডিঙিৰ চেইন, মোবাইল ফোন থপিয়াই সন্ত্ৰাস সৃষ্টি কৰা এজন দুধৰ্ষ চিলনী চোৰক আজি ধুবুৰীৰ পৰা গ্ৰেপ্তাৰ কৰিব সক্ষম হয় অসম আৰক্ষীৰ এটা অভিযানকাৰী দলে। ধুবুৰী আৰক্ষীৰ সহযোগ
বশিষ্ঠ আৰক্ষীৰ অভিযানত দুধৰ্ষ চিলনী চোৰ গ্ৰেপ্তাৰ


গুৱাহাটী, ২৮ মে', (হি.স.)। বশিষ্ঠ আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন স্থানৰ পৰা মহিলাৰ ডিঙিৰ চেইন, মোবাইল ফোন থপিয়াই সন্ত্ৰাস সৃষ্টি কৰা এজন দুধৰ্ষ চিলনী চোৰক আজি ধুবুৰীৰ পৰা গ্ৰেপ্তাৰ কৰিব সক্ষম হয় অসম আৰক্ষীৰ এটা অভিযানকাৰী দলে।

ধুবুৰী আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰা চিলনী চোৰটোক আব্দুল আজিজ সৰকাৰ বুলি চিনাক্ত কৰা হৈছে । ধৃত চোৰটোৰ জিম্মাৰ পৰা একাধিক সোণৰ চেইন, চুৰি মোবাইল চেট উদ্ধাৰ কৰিব সক্ষম হৈছে অসম আৰক্ষী।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande