ৰঙিয়া অসামৰিক চিকিৎসালয়ত ধাৰাবাহিক চুৰিকাৰ্য
কামৰূপ, ২৮ মে (হি.স.)। ৰঙিয়া অসামৰিক চিকিৎসালয়ত ধাৰাবাহিক চুৰিকাৰ্য সংঘটিত হয়। এইবাৰ চোৰৰ চকু এ চিৰ সৈতে ব্যৱহৃত তাঁৰত। তাঁৰ চুৰি হোৱাৰ পাছতে ২৬ তাৰিখে চিকিৎসালয় কৰ্তৃপক্ষই গম পায় আৰু তাৰ পাছৰ পৰাই চিকিৎসালয়ত অপাৰেশ্যন ৰ কাম ব্যাহত হৈ আছে। উক
ৰঙিয়া অসামৰিক চিকিৎসালয়ত ধাৰাবাহিক চুৰিকাৰ্য


কামৰূপ, ২৮ মে (হি.স.)। ৰঙিয়া অসামৰিক চিকিৎসালয়ত ধাৰাবাহিক চুৰিকাৰ্য সংঘটিত হয়। এইবাৰ চোৰৰ চকু এ চিৰ সৈতে ব্যৱহৃত তাঁৰত। তাঁৰ চুৰি হোৱাৰ পাছতে ২৬ তাৰিখে চিকিৎসালয় কৰ্তৃপক্ষই গম পায় আৰু তাৰ পাছৰ পৰাই চিকিৎসালয়ত অপাৰেশ্যন ৰ কাম ব্যাহত হৈ আছে। উক্ত ঘটনাৰ খবৰ পোৱা মাত্ৰকে ৰঙিয়াৰ অৰাজনৈতিক সংগঠন নাগৰিক মঞ্চৰ এটা সঁজাতি দলে বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ লগতে চিকিৎসালয় কৰ্তৃপক্ষৰ সৈতে কথা পাতে।

উল্লেখ্য যে, ৰঙিয়া অসামৰিক চিকিৎসালয়ত এইদৰে সঘনাই চুৰিকাৰ্য চলি থাকে। বাৰে বাৰে প্ৰশাসনক এই সন্দৰ্ভত চিকিৎসালয় কৰ্তৃপক্ষই অৱগত কৰি আহিছে যদিও কোনো সু-ফল বৰ্তমানলৈ লাভ কৰা নাই। এইবাৰো উক্ত ঘটনাৰ পাছতে আৰক্ষীৰ ওচৰত লিখিত অভিযোগ দাখিল কৰিছে চিকিৎসালয় কৰ্তৃপক্ষই।

চিকিৎসালয় কৰ্তৃপক্ষৰ লগতে নাগৰিক মঞ্চৰ প্ৰতিনিধিয়ে প্ৰশাসনক নিশা হ'লে পেট্ৰ'লিং অধিক গুৰুত্ব সহকাৰে কৰিবলৈ অনুৰোধ কৰাৰ লগতে চিকিউৰিটী গাৰ্ডৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande