
শিৱসাগৰ, ২৮ মে’ (হি.স.): শিৱসাগৰত হোটেলৰ কোঠাত যোৱা কালি বিয়লি এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হয় । শিৱসাগৰৰ এ এচ টি চি সমীপৰ আৰিয়ন হোটেলৰ ১০৭ নং কোঠাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ কৰা নয়নমনি গোস্বামী(১৯) নামৰ এজন যুৱকৰ । নয়নমনি ঘৰ শিৱসাগৰ জিলাৰ নামতি নাওশলীয়া গাঁৱত বুলি জানিব পৰা গৈছে ।
উল্লেখ্য় যে আৰিয়ান নামৰ হোটেলত দুটা দিন ধৰি বাহৰ পাতি আছিল নয়নমনিয়ে । কালি বহু সময় ধৰি যুৱকজন কোঠাৰ পৰা বাহিৰলৈ নহাত সন্দেহবশত আৰিয়ান হোটেলৰ কৰ্তৃপক্ষই কোঠাত জুমি চোৱাত নয়নমনিৰ মৃতদেহ প্ৰত্যক্ষ কৰে । ভাওনাত অভিনয়ৰ বাবে নয়নমনি হোটেলত থকা বুলি হোটেল কৰ্তৃপক্ষই জানিবলৈ দিছে । ঘটনাস্থলীত সদৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো নিজৰ জিম্মাত লয় ৷ যুৱকজনৰ আত্মহত্য়াৰ প্ৰকৃত ৰহস্য আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ