তৃণমূলৰ নেতাৰ পথাৰত লুকুৱাই ৰখা ধন উদ্ধাৰ, খননত পালে ৫০০ টকীয়া নোটৰ ভাণ্ডাৰ, গোটেই নিশা চলিল গণনা, ২.২৪ কোটি পোৱাটো নিশ্চিত
কলকাতা, ২৮ মে’ (হি.স.)। পশ্চিম বংগৰ উত্তৰ ২৪ পৰগনা জিলাৰ তৃণমূল কংগ্ৰেছৰ নেতা তথা বদুৰিয়া পৌৰসভাৰ অধ্যক্ষ দিপাংকৰ ভট্টাচাৰ্যৰ সৈতে জড়িত এক গোচৰত আৰক্ষীয়ে এজন কৃষকৰ পথাৰত ২.২৪ কোটি টকা উদ্ধাৰ কৰিছে। বুধবাৰৰ সন্ধিয়া আৰম্ভ হোৱা নোটৰ গণনা গোটেই নিশ
बादुड़िया


কলকাতা, ২৮ মে’ (হি.স.)। পশ্চিম বংগৰ উত্তৰ ২৪ পৰগনা জিলাৰ তৃণমূল কংগ্ৰেছৰ নেতা তথা বদুৰিয়া পৌৰসভাৰ অধ্যক্ষ দিপাংকৰ ভট্টাচাৰ্যৰ সৈতে জড়িত এক গোচৰত আৰক্ষীয়ে এজন কৃষকৰ পথাৰত ২.২৪ কোটি টকা উদ্ধাৰ কৰিছে। বুধবাৰৰ সন্ধিয়া আৰম্ভ হোৱা নোটৰ গণনা গোটেই নিশাটো চলি থাকিল। বেংকৰ কৰ্মচাৰী আৰু বিভিন্ন বিভাগৰ বিষয়াৰ উপস্থিতিত চাৰিবাৰ গণনা কৰাৰ পিছত বৃহস্পতিবাৰে পুৱাৰ ভাগত আৰক্ষীয়ে আনুষ্ঠানিকভাৱে সম্পন্ন হোৱাৰ কথা নিশ্চিত কৰে।

সোমবাৰে এখন হোটেলৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দিপাংকৰ ভট্টাচাৰ্যক। সেই সময়ত তেওঁৰ পৰা প্ৰায় ₹৮০ লাখ টকা উদ্ধাৰ কৰা হৈছিল। মঙলবাৰে আদালতে তেওঁক ছয় দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে।

বুধবাৰে আৰক্ষীয়ে দিপাংকৰৰ সৈতে তৃণমূল কংগ্ৰেছৰ কাৰ্যালয়ৰ সমীপৰ এটা মাটিত উপস্থিত হয়। ভট্টাচাৰ্যৰ পথাৰত এটা ঠাইত খান্দিলে বেগত ভৰাই থোৱা বৃহৎ পৰিমাণৰ নগদ ধন পোৱা যায়। ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে জব্দ কৰে চাৰিটা ট্ৰলী বেগ আৰু নগদ ধনেৰে ভৰা এটা বস্তা। প্ৰত্যক্ষদৰ্শীৰ মতে, আটাইকেইটা বেগতে আছিল ৫০০ টকীয়া নোটৰ বাণ্ডিল।

সোমবাৰে নিশা দিপাংকৰ ভট্টাচাৰ্যক গ্ৰেপ্তাৰ কৰাৰ পিছত বদুৰিয়া পৌৰসভাৰ এটা বন্ধ কম্পিউটাৰ চেণ্টাৰৰ পৰাও প্ৰায় ৪০০০ চৰকাৰী তৰ্পাল আৰু ৮০ লাখ টকা উদ্ধাৰ কৰা হয়। এই ধন গৃহ নিৰ্মাণ আঁচনিৰ কেলেংকাৰী বা অবৈধ ধন দাবীৰ সৈতে জড়িত হ’ব পাৰে বুলি স্থানীয় অভিযোগ উত্থাপন হৈছে।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande