
কোকৰাঝাৰ, ২৮ মে’ (হি.স.): কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম থানাৰ অন্তৰ্গত কালঝাৰৰ দুৰামাৰী গাঁৱৰ এজন ১৯ বছৰীয়া যুৱক যোৱা ২৭ মে'ৰ পৰা নিৰুদ্দেশ হৈ থকাৰ ঘটনাই অঞ্চলটোত উদ্বেগৰ সৃষ্টি কৰিছে। নিৰুদ্দেশ যুৱকজন মকবুল হুছেইন নামৰ লোকজনৰ পুত্ৰ জুলফিকাৰ হুছেইন (১৯) বুলি পৰিচয় পোৱা গৈছে।
পৰিয়ালৰ সূত্ৰে জনোৱা মতে, ২৭ মে' ২০২৬ তাৰিখে প্ৰায় বিয়লি ৪ বজাত তেওঁ কোনো ধৰণৰ খবৰ নিদিয়াকৈ ঘৰৰ পৰা ওলাই যায়। তাৰ পিছৰে পৰা তেওঁৰ কোনো সন্ধান পোৱা হোৱা নাই । পৰিয়ালৰ লোকে আত্মীয়-স্বজন আৰু সম্ভাৱ্য স্থানসমূহত বিচাৰ-খোচাৰ চলাইও এতিয়ালৈকে কোনো তথ্য লাভ কৰিব পৰা নাই। কোনো সদাশয় ব্যক্তিয়ে যুৱকজনৰ সন্ধান পালে বা তেওঁৰ বিষয়ে কোনো তথ্য থাকিলে ৯৮৬৪৫৮৮৭৩৩ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ ফালৰ পৰা অনুৰোধ জনোৱা হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ