বিশিষ্ট সাহিত্যিক, নিৱন্ধকাৰ তথা চিন্তাবিদ উপেন্দ্ৰ নাথ বৰকটকীক অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সন্মান
নগাঁও, ২৮ মে’ (হি.স.)। বিশিষ্ট সাহিত্যিক, নিৱন্ধকাৰ তথা চিন্তাবিদ উপেন্দ্ৰ নাথ বৰকটকীক আজি নগাঁৱৰ ৰত্নপুৰস্থিত নিজ বাসগৃহতে অসম সাহিত্যসভাই প্ৰদান কৰে অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সন্মান। অসমীয়া শিশু সাহিত্যৰ চমু বুৰঞ্জী, পত্ৰ সাহিত্যৰ সুবাস আৰু
বিশিষ্ট সাহিত্যিক, নিৱন্ধকাৰ তথা চিন্তাবিদ উপেন্দ্ৰ নাথ বৰকটকীক অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সন্মান


নগাঁও, ২৮ মে’ (হি.স.)। বিশিষ্ট সাহিত্যিক, নিৱন্ধকাৰ তথা চিন্তাবিদ উপেন্দ্ৰ নাথ বৰকটকীক আজি নগাঁৱৰ ৰত্নপুৰস্থিত নিজ বাসগৃহতে অসম সাহিত্যসভাই প্ৰদান কৰে অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সন্মান। অসমীয়া শিশু সাহিত্যৰ চমু বুৰঞ্জী, পত্ৰ সাহিত্যৰ সুবাস আৰু জীৱন আৰু কৃতিকে আদি কৰি ডেৰকুৰিৰো অধিক গ্ৰন্থৰে অসমীয়া সাহিত্যৰ জগতখনৰ সমৃদ্ধ কৰা উপেন্দ্ৰনাথ বৰকটকী পূৰ্বে অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদক, কাৰ্যনিৰ্বাহক সদস্য আৰু নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতিৰ পদো অলংকৃত কৰিছিল ।

শাৰিৰীক অসুস্থতাৰ বাবে গুৱাহাটীৰ বঁটা প্ৰদান অনুস্থানত উপস্থিত থাকিব নোৱাৰা বৰেণ্য সাহিত্যিক গৰাকীক আজি অসম সাহিত্য সভাৰ নগাঁও, ডিব্ৰুগড় আৰু মৰিগাঁও জিলাৰ বিষববীয়া সকলে স্বগৃহতে এই সন্মান প্ৰদান কৰে। এই সন্মান গ্ৰহণ কৰি বিশিষ্ট সাহিত্যিক গৰাকীয়ে কয়, আজি মই পুলকিত হৈছো। প্ৰতিটো ভাল কামৰে স্বীকৃতি থাকে ।

আনহাতে এগৰাকী যোগ্য ব্যক্তিক এই সন্মান প্ৰদান কৰিবলৈ পায় সাহিত্য সভা আনন্দিত বুলিও মন্তব্য কৰে অসম সাহিত্য সভাৰ উপ-সভাপতি পদুম ৰাজখোৱাই। উল্লেখযোগ্য বিশিষ্ট সাহিত্যিক উপেন্দ্ৰ নাথ বৰকটকীৰ পুত্ৰ অৰিন্দম কটকীয়েও ইতিমধ্যে যুৱ সাহিত্যিকৰূপে খ্যাতি অৰ্জন কৰাৰ লগতে সাহিত্য একাডেমী বঁটাও লাভ কৰিছে ।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande