অসমৰ বাসিন্দা সেনা বাহিনীৰ জোৱানৰ শ্ৰীনগৰত দেহাবসান
গোলাঘাট, ২৮ মে (হি.স.)। কৰ্তব্যৰত অৱস্থাত প্ৰাণ হেৰুৱালে ভাৰতীয় সেনাবাহিনীৰ জোৱান দুৰ্লভ গগৈয়ে । দুৰ্লভ গগৈৰ ঘৰ নুমলীগড়ৰ পংকা বৰচাপৰি অঞ্চলত । জোৱান জনৰ অকাল মৃত্যুত সমগ্ৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰে। বৰ্তমান শ্ৰীনগৰৰ পৰা পংকা বৰচাপৰি স্থিত নিজ ব
অসমৰ বাসিন্দা সেনা বাহিনীৰ জোৱানৰ শ্ৰীনগৰত দেহাবসান


গোলাঘাট, ২৮ মে (হি.স.)। কৰ্তব্যৰত অৱস্থাত প্ৰাণ হেৰুৱালে ভাৰতীয় সেনাবাহিনীৰ জোৱান দুৰ্লভ গগৈয়ে । দুৰ্লভ গগৈৰ ঘৰ নুমলীগড়ৰ পংকা বৰচাপৰি অঞ্চলত । জোৱান জনৰ অকাল মৃত্যুত সমগ্ৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰে। বৰ্তমান শ্ৰীনগৰৰ পৰা পংকা বৰচাপৰি স্থিত নিজ বাসগৃহলৈ জোৱান জনৰ নশ্বৰ দেহ আনি থকা হৈছে বুলি পৰিয়ালৰ সুত্ৰত প্ৰকাশ।

কৰ্মৰত অৱস্থাতে হৃদৰোগত আক্ৰান্ত হৈ যোৱা শনিবাৰে জোৱান জনৰ মৃত্যু হোৱা বুলি পৰিয়ালৰ জানিবলৈ দিয়ে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande