
গেংটক, ২৭ মে’ (হি.স.)। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে তিনিদিনীয়াকৈ ছিকিম ভ্ৰমণত আছে । আজি তেওঁৰ ভ্ৰমণৰ দ্বিতীয় দিন। আজি নাথুলা ভ্ৰমণ কৰি ছিকিমৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে।
তিনিদিনীয়া ভ্ৰমণৰ বাবে মঙলবাৰে ছিকিমত উপস্থিত হয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু। ভ্ৰমণৰ প্ৰথম দিনাই কালি বিয়লি ৰাজধানী চহৰৰ সোণালী জয়ন্তী মৈত্ৰেয় মঞ্জৰী কেম্পাছৰ অৰ্কিডাৰিয়াম পৰিদৰ্শন কৰে। পিছদিনা সন্ধিয়া ৰাজধানীৰ সমীপৰ দেওৰালিৰ নামগ্যাল ইনষ্টিটিউট অৱ তিব্বততত্ত্ব পৰিদৰ্শন কৰে।
আজি ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰত-চীন সীমান্তৰ নাথুলা পাছ পৰিদৰ্শন কৰিব। উল্লেখযোগ্য যে ২০২৬ চনৰ জুন মাহৰ পৰা নাথুলা পাছৰ পৰা আৰম্ভ হ’ব কৈলাশ মনসাৰোৱৰ যাত্ৰা।ক’ভিড-১৯ মহামাৰীৰ সময়ত আৰোপ কৰা নিষেধাজ্ঞাৰ পিছত এইবাৰ প্ৰথমবাৰৰ বাবে নাথুলা পাছৰ পৰা আৰম্ভ হ’ব তীৰ্থযাত্ৰা।
নাথুলা পাছৰ পৰা উভতি অহাৰ পিছত ৰাজধানীত অনুষ্ঠিত হ’বলগীয়া কেন্দ্ৰীয় ছিকিম বিশ্ববিদ্যালয়ৰ সপ্তম সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে। অহা ২৮ মে’ত অৰ্থাৎ তেওঁৰ ভ্ৰমণৰ শেষ দিনটোত ৰাজধানীৰ পালজোৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে। ছিকিম আৰক্ষীক ৰাষ্ট্ৰপতিৰ পুলিচ কলাৰ উপহাৰ দিব। এই বঁটা লাভ কৰা দেশৰ ১৫ সংখ্যক ৰাজ্য ছিকিম।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ