সাক্ষাৎকাৰ / তেলেংগানাৰ ৰাজহ আৰু গৃহ নিৰ্মাণ মন্ত্ৰী শ্ৰীনিবাস ৰেড্ডী / ভূ-ভাৰতী আৰু ইন্দিৰম্মা গৃহ নিৰ্মাণ আঁচনিয়ে কয় সফলতাৰ কাহিনী
বিশেষ সাক্ষাৎকাৰ ইন্দ্ৰাণী সৰকাৰ | হিন্দুস্থান সমাচাৰ নতুন দিল্লী/হায়দৰাবাদ, ২৭ মে’: হিন্দুস্থান সমাচাৰৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত তেলেংগানাৰ ৰাজহ আৰু গৃহ নিৰ্মাণ মন্ত্ৰী পংগুলেটি শ্ৰীনিবাস ৰেড্ডীয়ে নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰূপায়ণ, ভূ-ভাৰ
হিন্দুস্তান নিউজৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত তেলেংগানাৰ ৰাজহ আৰু গৃহ নিৰ্মাণ মন্ত্ৰী পংগুলেটি শ্ৰীনিবাস ৰেড্ডী।


বিশেষ সাক্ষাৎকাৰ

ইন্দ্ৰাণী সৰকাৰ | হিন্দুস্থান সমাচাৰ

নতুন দিল্লী/হায়দৰাবাদ, ২৭ মে’: হিন্দুস্থান সমাচাৰৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত তেলেংগানাৰ ৰাজহ আৰু গৃহ নিৰ্মাণ মন্ত্ৰী পংগুলেটি শ্ৰীনিবাস ৰেড্ডীয়ে নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰূপায়ণ, ভূ-ভাৰতী সংস্কাৰ, ৰাজহ ডিজিটেলাইজেচন, শত্ৰুৰ সম্পত্তিৰ সুৰক্ষা, ইন্দিৰাম্মা গৃহ নিৰ্মাণ, বিনিয়োগ, কৰ্মসংস্থাপন, হায়দৰাবাদ সম্প্ৰসাৰণ, বিমানবন্দৰ উন্নয়ন, কৃষকৰ কল্যাণ আৰু তেলেংগানাৰ ৰাজনৈতিক দৃষ্টিভংগীৰ ওপৰত বিস্তাৰিত আলোকপাত কৰে। কথোপকথনৰ উল্লেখযোগ্য দিশবোৰ ইয়াত দিয়া হ’ল:

━━━━━━━━━━━━━━━━

মূল বিন্দুসমূহ

• দেশৰ বাবে পথ প্ৰদৰ্শক আৰ্হি হিচাপে উত্থান ঘটিছে ভূ-ভাৰতী আইন

• তেলেংগানাত ₹১০,০০০ কোটি মূল্যৰ শত্ৰুৰ সম্পত্তি সুৰক্ষাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ

• ইন্দিৰাম্মা গৃহ নিৰ্মাণ আঁচনিৰ অধীনত গৃহ নিৰ্মাণৰ কাম ত্বৰান্বিত

• বিনিয়োগ, আন্তঃগাঁথনি আৰু নিয়োগ সম্প্ৰসাৰণৰ ওপৰত তেলেংগানাৰ বিশেষ গুৰুত্ব

• ৰাজ্যত বি আৰ এছৰ অধ্যায় সমাপ্ত।

━━━━━━━━━━━━━━━━

নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰূপায়ণ

প্ৰশ্ন : তেলেংগানাত থকা ডেৰ-দুবছৰৰ সময়ছোৱাত নিৰ্বাচনী প্ৰতিশ্ৰুতি কিমানখিনি পূৰণ কৰিছে? এতিয়ালৈকে কাৰ্যকৰী হৈছেনে?

উত্তৰঃ নিৰ্বাচনৰ সময়ত কংগ্ৰেছ দলে দিয়া প্ৰতিশ্ৰুতিৰ প্ৰায় ৮০ শতাংশ আমি কাৰ্যকৰী কৰিছো। তদুপৰি সেই সময়ত স্পষ্টকৈ ঘোষণা নকৰা কেইবাখনো আঁচনিও আৰম্ভ কৰা হৈছিল। পদযাত্ৰাৰ সময়ত মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডী (যি সেই সময়ত ৰাজ্যিক কংগ্ৰেছৰ সভাপতি আছিল) আৰু উপ-মুখ্যমন্ত্ৰী ভট্টী বিক্ৰমাৰ্কাই দিয়া প্ৰতিশ্ৰুতি ক্ষমতালৈ অহাৰ লগে লগে কাৰ্যকৰী হয়। এই পদক্ষেপসমূহৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য আছিল ধৰণী পৰ্টেল অন্ত পেলোৱা—যিটোৱে লাখ লাখ কৃষক আৰু নাগৰিকৰ বাবে অসুবিধাৰ সৃষ্টি কৰিছিল। সমাজৰ সকলো শ্ৰেণীৰ পৰামৰ্শ আৰু ধাৰণাৰ ভিত্তিত ইয়াৰ ঠাইত ভূ-ভাৰতী আইন প্ৰণয়ন কৰা হয়। আজি এই আইনখন দেশৰ আন ৰাজ্যৰ বাবে পথ প্ৰদৰ্শক হৈ পৰিছে।

ভূ-ভাৰতী আৰু ৰাজহ ডিজিটেলাইজেচন

প্ৰশ্ন : ভূ-ভাৰতী পৰ্টেল আৰু ইয়াৰ লগত জড়িত সেৱাসমূহৰ বিষয়ে বিশদভাৱে ক’ব পাৰিবনে?

উত্তৰঃ কৃষকসকলক স্বচ্ছ আৰু সহজ সেৱা আগবঢ়াবলৈ ভূমি, জৰীপ, পঞ্জীয়ন বিভাগক একত্ৰিত কৰি ভূ-ভাৰতী পৰ্টেল প্ৰস্তুত কৰা হৈছিল। এই পৰ্টেলটো তলত দিয়া ধৰণে ডিজাইন কৰা হৈছে: কৃষকসকলে আৰু ভূমি সম্পৰ্কীয় সেৱাৰ বাবে সেৱা কেন্দ্ৰলৈ যাব নালাগিব, বৰঞ্চ ঘৰৰ পৰাই সেৱা লাভ কৰিব পাৰিব। ভূ-ভাৰতী আইন অনুসৰি কৃষিভূমি পঞ্জীয়নৰ সময়ত জৰীপ মানচিত্ৰ সংলগ্ন কৰাটো ক্ৰেতা আৰু বিক্ৰেতা উভয়ৰে বাবে বাধ্যতামূলক কৰা হৈছে। প্ৰতিটো জৰীপ মেপ (এল পি এম)ক এটা অনন্য নম্বৰ দিয়া হৈছে, আৰু প্ৰতিটো জৰীপ নম্বৰত আধাৰৰ দৰেই ‘ভূধৰ’ নম্বৰ দিয়া হৈছে। ইয়াক পৰ্যায়ক্ৰমে ৰাজ্যজুৰি কাৰ্যকৰী কৰা হ’ব। ইতিমধ্যে পাঁচটা বিভাগত এটা পাইলট প্ৰজেক্ট আৰম্ভ কৰা হৈছে।

ৰাজহুৱা সম্পত্তিৰ সুৰক্ষা: শত্ৰুৰ সম্পত্তিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ

প্ৰশ্ন : শত্ৰুৰ সম্পত্তি আৰু বিবাদিত চৰকাৰী মাটি চৰ্চাৰ বিষয় হৈ পৰিছে। চৰকাৰে এই দিশত কি পদক্ষেপ লৈছে?

উত্তৰঃ ৰাজহ বিভাগে তেলেংগানাত শত্ৰুৰ সম্পত্তি সুৰক্ষা আৰু ইয়াৰ ওপৰত অবৈধ বেদখল ৰোধক অগ্ৰাধিকাৰ দিয়ে। প্ৰায় ₹১০,০০০ কোটি মূল্যৰ শত্ৰুৰ সম্পত্তি ৰাজ্যৰ বিভিন্ন অঞ্চলত আছে। এই সম্পত্তিসমূহৰ বিস্তৃত ভূমি জৰীপ চলাবলৈ আৰু আনুষংগিক ৰেকৰ্ডসমূহ পদ্ধতিগতভাৱে ডিজিটেলাইজ কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়া হৈছে। ৰাজ্যৰ ৰাজহ ব্যৱস্থাই এই সমস্যাসমূহৰ সমাধানৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। সম্পত্তি চিনাক্তকৰণ আৰু সুৰক্ষাৰ প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰা হৈছে, আৰু কেন্দ্ৰীয় চৰকাৰী সংস্থা কাষ্টোডিয়ান অৱ এনিমি প্ৰপাৰ্টি ফৰ ইণ্ডিয়া (চিইপিআই)ৰ বিষয়াসকলৰ সৈতে সমন্বয় কৰা হৈছে। এই পদক্ষেপসমূহৰ লক্ষ্য হৈছে ভূমি প্ৰশাসন শক্তিশালী কৰা, স্বচ্ছতা বৃদ্ধি কৰা, আৰু ৰাজহুৱা সম্পত্তিৰ ফলপ্ৰসূ সুৰক্ষা নিশ্চিত কৰা।

কল্যাণমূলক আঁচনি আৰু বিৰোধীৰ সমালোচনা

প্ৰশ্ন : নিৰ্বাচনী প্ৰতিশ্ৰুতি সম্পূৰ্ণৰূপে কাৰ্যকৰী হোৱা নাই বুলি বিৰোধীৰ অভিযোগ।

উত্তৰঃ পূৰ্বৰ বি আৰ এছ চৰকাৰে তেলেংগানাক গতাই দিছিল, যিখন ৰাজ্য এসময়ত উদ্বৃত্ত ধনৰ ৰাজ্য আছিল, কিন্তু এতিয়া ₹৮ লাখ কোটিৰো অধিক ঋণৰ বোজাৰ বোজাত পৰিছে। ফলত বৰ্তমান আমি কেৱল সুত পৰিশোধৰ বাবে প্ৰতিমাহে প্ৰায় ₹৬,৫০০ কোটি টকা খৰচ কৰি আছো। ইয়াৰ পিছতো আমি বিত্তীয় অনুশাসন বজাই ৰাখি কল্যাণমূলক আঁচনি আৰু উন্নয়নমূলক কাৰ্যসূচীসমূহ জনসাধাৰণৰ মাজলৈ আগবঢ়াই আছো। কৰ্ণাটকৰ পিছতে তেলেংগানা চৰকাৰে মহিলাসকলৰ বাবে বিনামূলীয়া বাছ ভ্ৰমণ আঁচনি ৰূপায়ণ কৰা দ্বিতীয়খন কংগ্ৰেছ চৰকাৰ। আমাৰ পিছত অন্ধ্ৰপ্ৰদেশ, তামিলনাডু, কেৰালা, পশ্চিম বংগকে ধৰি কেইবাখনো ৰাজ্যইও এই আঁচনি ৰূপায়ণ কৰিছে।

ইন্দিৰাম্মা হাউছিং: গৃহ আৰু বিশ্বাসৰ নিৰ্মাণ

প্ৰশ্ন : আপুনি সঘনাই উল্লেখ কৰা ডাঙৰ ডাঙৰ আঁচনিসমূহৰ ভিতৰত কোনখনে সৰ্বাধিক জনসাধাৰণৰ সমৰ্থন লাভ কৰিছে?

উত্তৰঃ বৰ্তমান ৰাজ্যৰ বিভিন্ন বিভাগে প্ৰায় ১০০ খন নতুন আঁচনি ৰূপায়ণ কৰি আছে। ইয়াৰ ভিতৰত ইন্দিৰম্মা হাউছিং আঁচনি সমগ্ৰ দেশৰ বাবে আদৰ্শ হিচাপে আত্মপ্ৰকাশ কৰিছে। আমি এনে দৰিদ্ৰ পৰিয়ালক চিনাক্ত কৰিছো যিসকলৰ ঘৰৰ অভাৱ আৰু ইতিমধ্যে মাটি উপলব্ধ, ₹৫ লাখ আৰ্থিক সাহায্য প্ৰদান কৰি স্থায়ী ঘৰ নিৰ্মাণ কৰিবলৈ সক্ষম কৰি তুলিছো। বৰ্তমান দেশত এই ধৰণৰ আন কোনো আঁচনি উপলব্ধ নহয়। কেন্দ্ৰীয় চৰকাৰৰ আৰ্থিক সাহায্য অবিহনেও আমি ৰাজ্য পৰ্যায়ত পুঁজিৰ ব্যৱস্থা কৰি আছো। প্ৰথম বছৰতে ৩.৬০ লাখ ঘৰৰ অনুমোদন লাভ কৰি ধন মুকলি কৰা হয়। এই বিভাগৰ মন্ত্ৰী হিচাপে মই গৌৰৱান্বিত যে মাত্ৰ এবছৰৰ ভিতৰতে ২ লাখ পৰিয়ালে নিজৰ ঘৰ-বাৰী দখল কৰিবলৈ সক্ষম হৈছে। আমি আগন্তুক তিনিটা পৰ্যায়ত অতিৰিক্ত ঘৰৰ অনুমোদন দিম। এই আঁচনিখন নিৰন্তৰ প্ৰক্ৰিয়া হিচাপে চলি থাকিব। অহা ২ জুনত আছিফাবাদ জিলাত দ্বিতীয় পৰ্যায়ৰ ইন্দিৰামমা গৃহ নিৰ্মাণ আঁচনিৰ শুভাৰম্ভ কৰিব মুখ্যমন্ত্ৰীয়ে।

ইন্দিৰাম্মা হাউছিঙৰ সফলতাৰ ৰহস্য

প্ৰশ্ন : ইন্দিৰাম্মা গৃহ নিৰ্মাণ আঁচনি ৰূপায়ণ আৰু সফলতাৰ কাৰণ কি কি?

উত্তৰঃ এই আঁচনি ৰূপায়ণৰ সময়ত বহুতো হৃদয়স্পৰ্শী ঘটনা সংঘটিত হৈছিল। নিজৰ ঘৰৰ মালিক হোৱাৰ চিন্তাত বছৰ বছৰ ধৰি ভাড়াঘৰত বসবাস কৰা মহিলাসকলৰ চকুত দেখা পোৱা আনন্দই আছিল এক ডাঙৰ প্ৰেৰণা। এতিয়াও মনত আছে এগৰাকী বৃদ্ধা মহিলাই কৈছিল, মই কেতিয়াও কল্পনা কৰা নাছিলো যে মই মোৰ মৃত্যুৰ আগতে ঘৰৰ মালিক হ'ম। হাতত মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীৰ ফটো লৈ হিতাধিকাৰীৰ ঘৰত প্ৰৱেশ কৰা দৃশ্য আজিও স্মৰণীয়। এই আঁচনিৰ প্ৰতি কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে বিশেষ আগ্ৰহ প্ৰকাশ কৰা দেখি আমিও আনন্দিত হৈছিলো। শেহতীয়াকৈ মোৰ পালেয়াৰ সমষ্টিত অনুষ্ঠিত হোৱা প্ৰজা দৰবাৰত লাভ কৰা আবেদনৰ ৫২ শতাংশই আছিল ইন্দিৰাম্মা হাউছিঙৰ বাবে। এই আঁচনিখন জনসাধাৰণৰ বাবে কিমান উপযোগী আৰু প্ৰাসংগিক, সেয়া স্পষ্টকৈ প্ৰমাণিত হৈছে। বি আৰ এছ চৰকাৰৰ দহ বছৰত দৰিদ্ৰ লোকৰ বাসগৃহৰ প্ৰয়োজনীয়তা অৱহেলিত হৈছিল, এতিয়া মানুহে আশা কৰিছে যে এই জন চৰকাৰে ঘৰৰ মালিক হোৱাৰ সপোন পূৰণ কৰিব।

তেলেংগানা ৰাইজিং: বিনিয়োগ আৰু অৰ্থনৈতিক সম্প্ৰসাৰণ

প্ৰশ্ন : ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় দৃষ্টি আকৰ্ষণ কৰিবলৈ আয়োজন কৰা তেলেংগানা ৰাইজিং কাৰ্যসূচীৰ পৰা কিবা সুনিৰ্দিষ্ট লাভ দেখা গৈছেনে?

উত্তৰঃ তেলেংগানাক দেশৰ ভৱিষ্যৎ অৰ্থনৈতিক শক্তিশালী দেশ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে হায়দৰাবাদৰ ইণ্ডিয়া ফিউচাৰ চিটিত যোৱা ৮ আৰু ৯ ডিচেম্বৰত তেলেংগানা ৰাইজিং গ্ল'বেল ছামিট-২০২৫ সফলতাৰে অনুষ্ঠিত হয়। এই সন্মিলনখন বিভিন্ন খণ্ডত বিশ্বমানৰ বিনিয়োগ আকৰ্ষণৰ বাবে এক গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে প্ৰমাণিত হ’ল। এই সন্মিলনৰ সময়ত ১০০ৰো অধিক বুজাবুজি চুক্তি স্বাক্ষৰিত হয়। এই চুক্তিসমূহে প্ৰায় ৫.৭৫ লাখ কোটি টকাৰ বিনিয়োগৰ সুত লাভ কৰিছিল। ইয়াৰ ফলত ব্যক্তিগত খণ্ডৰ লাখ লাখ নিয়োগৰ সুযোগ সৃষ্টি হ’ব বুলি আশা কৰা হৈছে।

নিয়োগ আৰু প্ৰশাসনিক সংস্কাৰ

প্ৰশ্ন : নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে নিয়োগ আৰু ৰাজহ সংস্কাৰৰ পদক্ষেপসমূহ কেনেদৰে আগবাঢ়িছে?

উত্তৰঃ তেলেংগানাত চৰকাৰ গঠন কৰাৰ পিছত আমি পুনৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিলোঁ, যিটো বিগত দহ বছৰ ধৰি কাৰ্যতঃ স্থবিৰ হৈ আছিল। এতিয়ালৈকে প্ৰায় ৭০ হাজাৰ লোকক কৰ্মসংস্থাপন প্ৰদান কৰা হৈছে।

তদুপৰি নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰি আমি গাঁও পৰ্যায়লৈ ৰাজহ সেৱা সম্প্ৰসাৰণ কৰিছো। ৰাজ্যৰ ১০,৯৫৪খন ৰাজহ গাঁওক ক্লাষ্টাৰত ভাগ কৰি গাঁও প্ৰশাসনিক বিষয়া (ভিএঅ’) নিযুক্তি দিয়া হৈছে। একেদৰে ৫৫২০ জন অনুজ্ঞাপত্ৰপ্ৰাপ্ত জৰীপকাৰীয়েও নিজৰ সেৱা আগবঢ়াইছে।

হায়দৰাবাদ, ভৱিষ্যত চহৰ আৰু বিমানবন্দৰ সম্প্ৰসাৰণ

প্ৰশ্ন : দেশৰ অন্যতম প্ৰধান মহানগৰ হায়দৰাবাদৰ উন্নয়ন আৰু আঞ্চলিক আন্তঃগাঁথনি সম্প্ৰসাৰণৰ বাবে আপোনাৰ পৰিকল্পনা কি?

উত্তৰঃ হায়দৰাবাদক আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ উন্নয়নৰ পৰিকল্পনা কৰা হৈছে। মেট্ৰ’ ৰে’ল নেটৱৰ্ক সম্প্ৰসাৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। কেণ্টনমেণ্ট এলেকাক জি এইচ এম চিত একত্ৰিত কৰাৰ দীৰ্ঘদিনীয়া জনসাধাৰণৰ দাবী পূৰণ হৈছে। ৩০ হাজাৰ একৰ মাটিত ভৱিষ্যতৰ চহৰ নামেৰে এখন নতুন চহৰ নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। উন্নয়ন কৌশলৰ অধীনত ৰাজ্যখনক তিনিটা অঞ্চলত বিভক্ত কৰা হৈছে।

আউটাৰ ৰিং ৰোডৰ ভিতৰৰ অঞ্চলটোক ‘কোৰ আৰ্বান তেলেংগানা’ হিচাপে, আউটাৰ ৰিং ৰোড আৰু প্ৰস্তাৱিত আঞ্চলিক ৰিং ৰোডৰ মাজৰ অঞ্চলটোক ‘আৰ্বান তেলেংগানা’ হিচাপে আৰু আঞ্চলিক ৰিং ৰোডৰ বাহিৰৰ অঞ্চলসমূহক ‘গ্ৰাম্য তেলেংগানা’ হিচাপে গঢ়ি তোলা হৈছে। ৰাজ্যৰ বিভিন্ন অঞ্চলত নতুন বিমানবন্দৰ স্থাপন কৰা হ’ব, য’ত ৱাৰংগল (মামনূৰ), আদিলাবাদ, পেড্ডাপল্লী (বসন্তনগৰ)/ৰামগুণ্ডাম, কোঠাগুডেম, আদি বিভিন্ন অঞ্চলত নতুন বিমানবন্দৰ স্থাপন কৰা হ’ব।

কৃষক কল্যাণ আৰু কৃষি প্ৰসাৰ

প্ৰশ্ন : তেলেংগানাত বৰ্তমান কি কি কৃষক উৎসাহমূলক আঁচনি ৰূপায়ণ কৰা হৈছে? যোৱা ডেৰ-দুবছৰত কিমান খৰচ হৈছে?

উত্তৰঃ ঋতু ভৰোছা আঁচনিৰ অধীনত যোগ্য কৃষকসকলক প্ৰতি একৰত প্ৰতি বছৰে ১২,০০০ টকাৰ কৃষি বিনিয়োগৰ সাহায্য প্ৰদান কৰা হয়। ইয়াৰ ভিতৰত খাৰিফ শস্যৰ বাবে ₹৬,০০০ আৰু ৰবি শস্যৰ বাবে ₹৬,০০০ অন্তৰ্ভুক্ত। কৃষকসকলক ঋণৰ বোজাৰ পৰা সকাহ দিবলৈ ২০১৮ চনৰ ১২ ডিচেম্বৰৰ পৰা ২০২৩ চনৰ ৯ ডিচেম্বৰৰ ভিতৰত লোৱা ২ লাখ ₹ পৰ্যন্ত হ্ৰস্বম্যাদী শস্য ঋণৰ এককালীন ৰেহাই আৰম্ভ কৰা হৈছে। কৃষকে উৎপাদন কৰা মিহি ধানৰ ওপৰত নূন্যতম সহায়ক মূল্য (এছএছপি)ৰ উপৰিও প্ৰতি কুইণ্টলত ৫০০ টকাৰ বোনাছ দিয়া হৈছে ।

আকস্মিক মৃত্যুৰ ক্ষেত্ৰত যিকোনো কৃষকৰ পৰিয়ালক আৰ্থিক নিৰাপত্তা প্ৰদানৰ বাবে ৫ লাখ টকাৰ বিনামূলীয়া বীমা অব্যাহত ৰখা হৈছে, সমগ্ৰ প্ৰিমিয়াম চৰকাৰে বহন কৰিছে। ৰৃথু ভৰোছা আঁচনিৰ অধীনত এতিয়ালৈকে কৃষকৰ একাউণ্টত পোনপটীয়াকৈ ১৮,০০০ কোটিতকৈ অধিক ধন জমা হৈছে। চলিত বিত্তীয় বৰ্ষত ৭০ লাখ কৃষকৰ বাবে প্ৰায় ৯,০০০ কোটি টকা পৰ্যায়ক্ৰমে মুকলি কৰি দিয়া হৈছে।

শস্য ঋণ ৰেহাই আঁচনিৰ অধীনত চৰকাৰে তিনিটা কিস্তিত বেংকক ১৮,০০০–২০,০০০ কোটি টকা মুকলি কৰি দিছে। দুবছৰত কৃষি কল্যাণমূলক আঁচনিৰ বাবে ১ লাখ কোটিতকৈ অধিক টকা ব্যয় কৰিছে চৰকাৰে। কৃষি খণ্ডক ৰূপান্তৰিত কৰি তেলেংগানাক শস্য উৎপাদনৰ ক্ষেত্ৰত আগশাৰীৰ হিচাপে গঢ়ি তুলিবলৈ কৃষি বিভাগক বছৰি ২৪,০০০ কোটি ₹তকৈ অধিক বাজেট আবণ্টন দিয়া হয়। ঋথু বীমা যোজনাৰ অধীনত ২০২৫–২৬ বিত্তীয় বৰ্ষত ৪২ লাখৰো অধিক কৃষকক বীমা কভাৰেজ প্ৰদান কৰা হৈছে।

ৰাষ্ট্ৰীয় নিৰ্বাচনী প্ৰচাৰৰ অভিজ্ঞতা

প্ৰশ্ন : আপুনি বিহাৰ, কেৰালা আৰু অন্যান্য ৰাজ্যৰ বিধানসভা নিৰ্বাচনী প্ৰচাৰত অংশ লৈছিল। আপোনাৰ অভিজ্ঞতা কেনেকুৱা আছিল?

উত্তৰঃ কংগ্ৰেছ হাইকমাণ্ডৰ নিৰ্দেশ অনুসৰি নিজ নিজ ৰাজ্যৰ নিৰ্বাচনী প্ৰচাৰত অংশ লৈছিলো। বিহাৰত মোক তিনিটা বিধানসভা সমষ্টিৰ পৰ্যবেক্ষক নিযুক্তি দিয়া হৈছিল আৰু আমি সেই আসনৰ এখনত জয়ী হৈছিলোঁ। কেৰালাত আমাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীকে ধৰি কেইবাজনো মন্ত্ৰীয়ে এই অভিযানত অংশগ্ৰহণ কৰিছিল। আমাৰ নেতা ৰাহুল গান্ধীৰ সৈতে প্ৰচাৰ চলোৱা দহটা সমষ্টিৰ ফল বিজয় হোৱাত মই আনন্দিত। আমি ইতিমধ্যে আত্মবিশ্বাসী আছিলোঁ যে কেৰালাত কংগ্ৰেছ সফল হ’ব। তাত ৰাহুল গান্ধীৰ প্ৰভাৱ স্পষ্টকৈ দেখা গৈছিল। ৱায়ানাডত জয়লাভ কৰাৰ পিছত তেওঁ কংগ্ৰেছক জনসাধাৰণৰ ওচৰলৈ লৈ গ’ল।

২০২৯ চনৰ বাবে তেলেংগানাৰ ৰাজনৈতিক পৰিস্থিতি

প্ৰশ্ন : ২০২৯ চনৰ নিৰ্বাচনত তেলেংগানাত কংগ্ৰেছৰ সম্ভাৱনাক কেনেদৰে লক্ষ্য কৰে?

উত্তৰঃ আমি এইবাৰ ৰাজ্যৰ ১১৯খন বিধানসভাৰ আসনৰ ভিতৰত ১০০ খনতকৈও অধিক আসন জয়লাভ কৰাৰ আত্মবিশ্বাসী। জনসাধাৰণ আমাৰ লগত সম্পূৰ্ণৰূপে আছে। আমাৰ একমাত্ৰ লক্ষ্য জনকল্যাণ, আৰু আমি কোনো দুৰ্নীতি নোহোৱাকৈ শাসন কৰি আছো। এইটোৱেই আমাৰ আটাইতকৈ ডাঙৰ শক্তি।

প্ৰশ্ন : ক্ষমতালৈ ঘূৰি অহাৰ ক্ষেত্ৰত আপোনাৰ আত্মবিশ্বাসৰ কাৰণ কি?

উত্তৰঃ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীৰ নেতৃত্বত আমাৰ চৰকাৰে ৰূপায়ণ কৰা উন্নয়ন আৰু কল্যাণমূলক কাৰ্যসূচীয়ে আমাৰ জয় নিশ্চিত কৰিব। ক্ষমতালৈ অহাৰ পিছত অনুষ্ঠিত হোৱা লোকসভা নিৰ্বাচন, দুটা বিধানসভাৰ উপ-নিৰ্বাচন, পঞ্চায়ত আৰু পৌৰসভা নিৰ্বাচনত ৰাইজে আমাক স্পষ্ট জনাদেশ দিছে। পূৰ্বে বি আৰ এছৰ হাতত থকা কেণ্টনমেণ্ট আৰু জুবলী হিলছৰ দৰে অঞ্চলতো কংগ্ৰেছে জয়লাভ কৰে। এই ফলাফলসমূহ ভৱিষ্যতেও পুনৰাবৃত্তি হ’ব। তেলেংগানাত বি আৰ এছৰ যুগৰ অন্ত পৰিছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande