
শোণিতপুৰ, ২৭ মে (হি.স.)। জামুগুৰিহাটৰ শলগুৰিত সংৰক্ষিত হৈ আছে গুৰুজনাৰ দিনৰ ১৫ শতিকাতে লিখা আপুৰুগীয়া সাঁচি পাতৰ ভাগৱত পুথি।
শলগুৰিৰ চেউনি বটদ্ৰৱা কলিয়াগোঁসাই থানে লৈছে গুৰুত্বপূৰ্ণ পদক্ষেপ।
জামুগুৰিহাটৰ শলগুৰি গাঁৱত সংৰক্ষিত হৈ আছে মহাপুৰুষ গুৰুজনাৰ দিনৰ আপুৰুগীয় সাঁচিপাতৰ ভাগৱত পুথি।গাঁওখনৰ ঐতিহাসিক চেউনি বটদ্ৰৱা কলিয়াগোঁসাই থানত শ শ বছৰ ধৰি সংৰক্ষিত হৈ আছে সাঁচিপাতৰ এই ভাগৱত পুথি ভাগ । প্ৰত্যেক বছৰে গুৰু দুজনাৰ তিথিত সাঁচিপাতত লিখা এই ভাগৱত পাঠ কৰা হয় থান চৌহদৰ ভিতৰত । কঠিত আছে যে মহাপুৰুষ শঙ্কৰদেৱ গুৰুজনাই ভকত বৈষ্ণৱ সহিতে জীৱনৰ শেষ সময়ছোৱাত জন্ম স্থান বৰদোৱাৰ পৰা ব্ৰহ্মপুত্ৰ নদী পাৰ হৈ পদব্ৰজে ৰৌতাৰ পৰা গাংমৌ থানলৈ যোৱাৰ পথত এই স্থানত কিছু দিন বিশ্ৰাম লওতে এই পুথি ভাগ লিখিছিল ৷
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু