বহিৰাজ্যত নিৰুদ্দেশ চতিয়াৰ যুৱক, ৰেলত কোনো লোকে দিছিল মৃত্যুৰ ভাবুকি
বিশ্বনাথ, ২৭ মে (হি.স.)। বহিৰাজ্যত নিৰুদ্দেশ চতিয়াৰ যুৱক। চতিয়া থানাৰ এজাহাৰ পৰিয়ালৰ। ৰেলত কোনো লোকে দিছিল মৃত্যুৰ ভাবুকি। বহিৰাজ্যত নিৰুদ্দেশ হৈ আছে চতিয়াৰ বুদুআটি গাঁৱৰ সুধন বৰ্মণ নামৰ এগৰাকী যুৱক। কৰ্ম সংস্থাপনৰ বাবে চেন্নাইলৈ যোৱাৰ পথত যোৱা
বহিৰাজ্যত নিৰুদ্দেশ চতিয়াৰ যুৱক, ৰেলত কোনো লোকে দিছিল মৃত্যুৰ ভাবুকি


বিশ্বনাথ, ২৭ মে (হি.স.)। বহিৰাজ্যত নিৰুদ্দেশ চতিয়াৰ যুৱক। চতিয়া থানাৰ এজাহাৰ পৰিয়ালৰ। ৰেলত কোনো লোকে দিছিল মৃত্যুৰ ভাবুকি।

বহিৰাজ্যত নিৰুদ্দেশ হৈ আছে চতিয়াৰ বুদুআটি গাঁৱৰ সুধন বৰ্মণ নামৰ এগৰাকী যুৱক। কৰ্ম সংস্থাপনৰ বাবে চেন্নাইলৈ যোৱাৰ পথত যোৱা ২০মে'ৰ পৰা নিৰুদ্দেশ হৈ আছে যুৱকজন। ১৮ মে' ত ঘৰৰ পৰা চেন্নাইলৈ বুলি যুৱকজন ৰেল যোগে ৰাওনা হৈছিল যদিও যোৱা ২০মে'ৰ পৰা পৰিয়ালৰ লগত কোনো যোগাযোগ নোহোৱাত এতিয়া চিন্তিত হৈ পৰিছে পৰিয়ালবৰ্গ। পত্নীলৈ কৰা শেষটো ফোনত কোনো লোকে তেওঁৰ ৰেলত মাৰিবলৈ অহা বুলিও উল্লেখ কৰিছিল। এতিয়া যোৱা পাঁচদিন ধৰি যুৱকজনৰ লগত কোনো যোগাযোগ নোহোৱাত সেয়েহে অধিক চিন্তিত হৈ পৰিছে পৰিয়ালবৰ্গ। ইতিমধ্যেই এই সন্দৰ্ভত পৰিয়ালে চতিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। অসহায় দুখীয়া পৰিয়ালটোৱে সেয়েহে এই ক্ষেত্ৰত নিৰুদ্দেশ হোৱা তেওঁলোকৰ ল'ৰা জনৰ সন্ধান উলিয়াবলৈ অসম আৰক্ষীক কাতৰ আহ্বান জনাইছ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande