পৰ্বতঝোৰা বনাঞ্চলৰ ধুমুহাত ভাঙি পৰা মূল্য়বাণ গছ সৰবৰাহ দুৰ্বিত্তৰ
কোকৰাঝাৰ, ২৭ মে (হি.স.)। পৰ্বতঝোৰা বনাঞ্চলৰ গছ সৰবৰাহ কৰাৰ এটা ভিডিঅ সামাজিক মাধ্যমত ভাইৰেল হোৱাকলৈ তীব্ৰ প্ৰতিক্ৰিয়া। ধুমুহাৰ ফলত মহামায়া বনাঞ্চলত মূল্যবান শাল, চেগুন গছ উভালি পৰাত কিছু ব্যক্তিয়ে গছ সমূহ কাটি ঘোঁৰাৰ গাড়ীৰে সৰবৰাহ কৰোঁতে এজন ব্
পৰ্বতঝোৰা বনাঞ্চলৰ ধুমুহাত ভাঙি পৰা মূল্য়বাণ গছ সৰবৰাহ দুৰ্বিত্তৰ


কোকৰাঝাৰ, ২৭ মে (হি.স.)।

পৰ্বতঝোৰা বনাঞ্চলৰ গছ সৰবৰাহ কৰাৰ এটা ভিডিঅ সামাজিক মাধ্যমত ভাইৰেল হোৱাকলৈ তীব্ৰ প্ৰতিক্ৰিয়া।

ধুমুহাৰ ফলত মহামায়া বনাঞ্চলত মূল্যবান শাল, চেগুন গছ উভালি পৰাত কিছু ব্যক্তিয়ে গছ সমূহ কাটি ঘোঁৰাৰ গাড়ীৰে সৰবৰাহ কৰোঁতে এজন ব্যক্তিয়ে সৰবৰাহৰ ভিডিঅ সামাজিক মাধ্যমত প্ৰচাৰ কৰাৰ পিছতেই পৰ্বতঝোৰাত এক বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি হয়।

সামাজিক মাধ্যমত সৰবৰাহৰ ভিডিঅ প্ৰচাৰ হোৱাৰ লগে লগেই খোৰাঘাট বনাঞ্চলিক বিষয়া কাৰ্য্যালয়ৰ বন কৰ্মীয়ে কাঠ ভৰ্তি ঘোঁৰাৰ গাড়ী জব্দ কৰি কাৰ্য্যালয়লৈ আহে যদিও সৰ্বৰাহকাৰী পলায় যাবলৈ সক্ষম হয়।

এই ক্ষেত্ৰত বন বিভাগে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande