ওড়িশাৰ পৰা তৃণমূলৰ বিধায়ক দিলীপ মণ্ডলক গ্ৰেপ্তাৰ পশ্চিম বংগৰ বিশেষ টাস্ক ফৰ্চৰ
কলকাতা, ২৭ মে’ (হি.স.)। পশ্চিম বংগ আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চ (এছটিএফ) আৰু ডাইমণ্ড হাৰ্বাৰ আৰক্ষীৰ যৌথ দলে দক্ষিণ ২৪ পৰগনাৰ বিষ্ণুপুৰৰ পৰা তৃণমূলৰ বিধায়ক দিলীপ মণ্ডলক ওড়িশাৰ পুৰিৰ এখন হোটেলৰ পৰা গ্ৰেপ্তাৰ কৰে । আইনী পদ্ধতি সম্পূৰ্ণ কৰি তেওঁক কলকাত
दिलीप मंडल


কলকাতা, ২৭ মে’ (হি.স.)। পশ্চিম বংগ আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চ (এছটিএফ) আৰু ডাইমণ্ড হাৰ্বাৰ আৰক্ষীৰ যৌথ দলে দক্ষিণ ২৪ পৰগনাৰ বিষ্ণুপুৰৰ পৰা তৃণমূলৰ বিধায়ক দিলীপ মণ্ডলক ওড়িশাৰ পুৰিৰ এখন হোটেলৰ পৰা গ্ৰেপ্তাৰ কৰে । আইনী পদ্ধতি সম্পূৰ্ণ কৰি তেওঁক কলকাতালৈ অনা হ’ব। শেহতীয়াকৈ মণ্ডলৰ এটা ভিডিঅ’ ভাইৰেল হৈছিল, য’ত বিৰোধী কৰ্মী আৰু সমৰ্থকক ভাবুকি দিয়া বুলি অভিযোগ উঠিছে। কিন্তু ভিডিঅ’টোৰ সত্যতা স্বতন্ত্ৰভাৱে পৰীক্ষা কৰিব পৰা নগ’ল।

এই সন্দৰ্ভত তেওঁৰ বিৰুদ্ধে আৰক্ষীৰ এজাহাৰ দাখিল কৰা হয়। ইয়াৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি ১৪ মে’ত পাইলানত থকা তেওঁৰ ঘৰত অভিযান চলায়।ঘৰত তেওঁক পোৱা নগ’ল। খবৰ অনুসৰি, দুদিন পূৰ্বে এছ টি এফে দিলীপ মণ্ডল পুৰিৰ ব্লু লিলি হোটেলত থকাৰ তথ্য লাভ কৰিছিল। এই তথ্যৰ ভিত্তিত এছটিএফ আৰু ডাইমণ্ড হাৰ্বাৰ আৰক্ষীয়ে হোটেলখনত অভিযান চলায়। পঞ্জীয়ন পৰীক্ষা কৰি আৰক্ষীয়ে তেওঁৰ কোঠাত প্ৰৱেশ কৰি গ্ৰেপ্তাৰ কৰে।

এই গোচৰত আৰক্ষীয়ে ইতিমধ্যে বিধায়কজনৰ পুত্ৰ অৰ্ঘ্য মণ্ডলক গ্ৰেপ্তাৰ কৰিছে। তেওঁ অঞ্চলটোত অশান্তিৰ উচটনি দিয়াৰ অভিযোগ উত্থাপিত হৈছে । গ্ৰেপ্তাৰৰ সময়ত তেওঁৰ পৰা আগ্নেয়াস্ত্ৰ উদ্ধাৰ হোৱা বুলি দাবী কৰা হৈছে। একেটা গোচৰতে আন চাৰিজন লোককো গ্ৰেপ্তাৰ কৰা হৈছে। অভিযোগ দাখিল কৰাৰ পিছত দিলীপ মণ্ডলে গ্ৰেপ্তাৰৰ পৰা সুৰক্ষা আৰু তেওঁৰ বিৰুদ্ধে দাখিল কৰা কেইবাটাও এফআইআৰ বাতিল কৰিবলৈ কলিকতা উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। এই আবেদন আদালতত বিচাৰাধীন হৈ আছে।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande