
বিশ্বনাথ, ২৭ মে’ (হি.স.): বিশ্বনাথৰ লেহুগাৱত কালি সন্ধিয়া চিপ লৈ থকা অৱস্থাত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ কৰা হয় । ২ নং ধিচিৰি গাৱৰ প্ৰিয়ংকা ওৰাং নামৰ মহিলা গৰাকীৰ মৃতদেহ ইতিমধ্যে পৰিয়ালৰ লোকে চিনাক্ত কৰিছে ।
জানিব পৰামতে, কনমানি সন্তানক লগত লৈ আত্মহত্যাৰ চেষ্টা চলাইছিল মহিলা গৰাকীয়ে । কনমানি শিশুটিৰ বাবেও চিপজৰী তৈয়াৰ কৰিছিল মহিলা গৰাকীয়ে। কিন্তু কথমপি প্ৰাণ ৰক্ষা পৰে শিশুটি ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ