আজিও সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈ নুঠিল টীয়ক এফ আৰ ইউ ত নিৰ্মাণ কৰা দহখন বিচনাযুক্ত আই চি ইউ
যোৰহাট, ২৭ মে (হি.স.)। টীয়ক এফ আৰ ইউ ত নিৰ্মাণ কৰা দহখন বিচনাযুক্ত আই চি ইউ আজিও সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈ নুঠিল। অসমৰ প্ৰথমখন এফ আৰ ইউ হিচাপে বিশেষ গুৰুত্ব লাভ কৰা এই আই চি ইউ প্ৰকল্পটোক লৈ অঞ্চলবাসীৰ মাজত যথেষ্ট আশাৰ সঞ্চাৰ হৈছিল যদিও দুবছৰ অতি
আজিও সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈ নুঠিল টীয়ক এফ আৰ ইউ ত নিৰ্মাণ কৰা দহখন বিচনাযুক্ত আই চি ইউ


যোৰহাট, ২৭ মে (হি.স.)। টীয়ক এফ আৰ ইউ ত নিৰ্মাণ কৰা দহখন বিচনাযুক্ত আই চি ইউ আজিও সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈ নুঠিল।

অসমৰ প্ৰথমখন এফ আৰ ইউ হিচাপে বিশেষ গুৰুত্ব লাভ কৰা এই আই চি ইউ প্ৰকল্পটোক লৈ অঞ্চলবাসীৰ মাজত যথেষ্ট আশাৰ সঞ্চাৰ হৈছিল যদিও দুবছৰ অতিক্ৰম কৰাৰ পিছতো আই চি ইউ টো কার্যত অচল অৱস্থাতেই পৰি আছে।

আই চি ইউ গৃহৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ পাছতো আজিলৈকে সংস্থাপন কৰা নহ’ল অত্যাৱশ্যকীয় চিকিৎসা সা-সৰঞ্জাম। ভেণ্টিলেটৰ, মনিটৰিং ব্যৱস্থা, অক্সিজেন সংযোগ আদি বহু প্ৰয়োজনীয় সুবিধাৰ অভাৱত আই চি ইউ টো ৰোগীৰ সেৱাৰ বাবে মুকলি কৰিব পৰা হোৱা নাই।

ফলত জৰুৰী চিকিৎসাৰ প্ৰয়োজন হোৱা বহু ৰোগীক আজিও উন্নত চিকিৎসাৰ বাবে যোৰহাট অথবা ডিব্ৰুগড়লৈ প্ৰেৰণ কৰিবলগীয়া হৈছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande