
শিৱসাগৰ, ২৭ মে’ (হি.স.): মৰাণত কালি নিশা আৰক্ষীয়ে বৃহৎ অভিযান চলাই ১০২৬ গ্ৰাম গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈছে। এই ঘটনাৰ সৈতে জড়িত দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ হোৱা অভিযুক্ত দুজনৰ পৰিচয় মৰাণ বকপৰা গাঁৱৰ আভি এক্কা আৰু ৰাজীৱ কল্লাকুমাৰ বুলি জানিব পৰা গৈছে।
লাভ কৰা তথ্য অনুসৰি, মৰাণ আৰক্ষীয়ে মৰাণ মেডিকেল চেণ্টাৰৰ সমীপত অভিযান চলাই দুয়ো অভিযুক্তক আটক কৰে। আৰক্ষীয়ে তেওঁলোকৰ দখলৰ পৰা ১০২৬ গ্ৰাম গাঞ্জা, এএছ ৩৩ ৫৯৫৮ নম্বৰৰ এখন স্কুটী আৰু এটা মোবাইল ফোন জব্দ কৰে।এই অভিযানৰ নেতৃত্ব দিছিল ডিএছপি ব্ৰেণ্ডম দইমাৰীয়ে। অভিযানত মৰাণ থানাৰ অ’চি দান্তেজিত দেউৰী, এছআই মানসজ্যোতি পাঠক আৰু বাবলী খনিকৰৰ গুৰুত্বপূৰ্ণ ভূমিকা আছিল।
আৰক্ষীৰ সূত্ৰ অনুসৰি, অঞ্চলটোত নিচাজাতীয় সামগ্ৰীৰ অবৈধ বেহাৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে অভিযান চলাই থকা হৈছে। জব্দ কৰা গাঞ্জাৰ সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি অধিক তদন্ত আৰম্ভ কৰিছে। লগতে এই চক্ৰটোৰ সৈতে জড়িত আন লোকসকলৰ সন্ধানতো আৰক্ষী নামি পৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ