
তিনিচুকীয়া, ২৭ মে (হি.স.)। ক্ৰিকেট জুৱাৰ কুখ্যাত সদাগৰ তিনিচুকীয়াৰ বেৰিয়াভাতৃৰ বাসগৃহত ইডি অভিযান৷
নামে বেনামে থকা সমত্তিৰ উৎস বিচাৰি ইডৰ অভিযান৷
বিকাশ বেৰিয়াৰ মানৱ কল্যাণ পথৰ এপাৰ্টমেণ্ট আৰু পৰ্বতীয়াস্থিত গকুলধাম এপাৰ্টমেণ্টত ইডৰ ব্যাপক অভিযান৷
সমান্তৰালকৈ ভাতৃ নীতিন বেৰিয়াৰ চলিহা নগৰ বাসগৃহটোত চলিছে অভিযান৷
উল্লেখ্য যে পূৰ্বে বিকাশ বেৰিয়াক তিনিচুকীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছিল৷
গ্ৰেপ্তাৰৰ সময়ত তিনিচুকীয়াৰ তদানীন্তন এছ এছ পি অভিজিত গৌৰৱে বেৰিয়া ভাতৃৰ আয়ৰ উৎসৰ ওপৰত তদন্তৰ বাবে ইডলৈ পত্ৰ দিছিল৷
এছ এছ পিৰ পত্ৰৰ কোনো উত্তৰ দিয়া নাছিল ইডিয়ে৷
কিন্তু মঙ্গলবাৰে নিশা হঠাৎ এইদৰে ইডিৰ বৃহৎ দল এটাই দুই বেৰিয়া ভাতৃ আৰু পিতৃৰ বাসগৃহত চলায় অভিযান৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা