
তামুলপুৰ, ২৭ মে (হি.স.)। নেপালত অনুষ্ঠিত দ্বাদশ সংখ্যক আন্তৰাষ্ট্ৰীয় ময়ুৰ কাপ ২০২৬ কাৰাটে প্ৰতিযোগিতাত পদক বুটলি সমগ্ৰ দেশৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে একাংশ অসম সন্তানে। কেইবাখনো দেশৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰা এই আন্তৰাষ্ট্ৰীয় প্ৰতিযোগিতাত তামুলপুৰ জিলাৰ বৃহত্তৰ নাগ্ৰিজুলী অঞ্চলৰ জ্যোতিৰ্ময় দাসে সোণৰ পদক, পুস্তম কলিতা আৰু ভৃগু দাসে ৰূপৰ পদক তথা দ্বীপ দাস আৰু অনুপ কলিতাই ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে।
এই সফলতাত সমগ্ৰ অঞ্চলটোতে আনন্দৰ জোৱাৰ উঠাৰ লগতে মেধাৱী খেলুৱৈৰ দলটো তামুলপুৰ জিলাৰ লতিবাৰীস্থিত স্বগৃহত উপস্থিত হোৱাৰ পিছতে তেওঁলোকক এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত উষ্ম আদৰণি জনায় বিটিচিৰ কাৰ্যবাহী সদস্য লক্ষী (ভজন) দাসে। খেলুৱৈসকলক অসমীয়া ফুলাম গামোচা আৰু মানপত্ৰৰে সম্বৰ্ধনা জনাই ক্ৰীড়াৰ ক্ষেত্ৰত অঞ্চলটোৰ এনে অভূতপূৰ্ব সাফল্যৰ পিছত সংবাদ মাধ্যমৰ সন্মুখত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে কাৰ্যবাহী সদস্যগৰাকীয়ে। তেওঁ কয় যে অতি সীমিত সা-সুবিধাৰ মাজতো গ্ৰাম্য অঞ্চলৰ যুৱকসকলে আন্তৰাষ্ট্ৰীয় ক্ৰীড়াংগনত যি পাৰদৰ্শিতা দেখুৱাইছে, সি সঁচাকৈয়ে প্ৰশংসনীয় আৰু অনাগত দিনত অসম তথা বিটিচি চৰকাৰে অঞ্চলটোৰ ক্ৰীড়া আন্তঃগাঁথনিৰ উন্নয়নৰ লগতে প্ৰতিভাশালী খেলুৱৈসকলক সকলো ধৰণৰ চৰকাৰী সহায়-সহযোগিতা আগবঢ়াবলৈ সদায় প্ৰতিশ্ৰুতিবদ্ধ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা